ETV Bharat / bharat

জনতা মহাজোঁটবন্ধনৰ লগত আছে: বিহাৰ চৰকাৰক কটাক্ষ ছোনিয়াৰ - ক্ষুৰধাৰ সমালোচনা

বিহাৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধীৰ। বিহাৰ চৰকাৰৰ অহংকাৰেই তেওঁলোকৰ পতনৰ কাৰণ হ'ব আৰু এই চৰকাৰ খন বৰ্তমান পথভ্ৰষ্ট হৈছেঃ ছোনিয়া গান্ধী।

জনতা মহাজোঁটবন্ধনৰ লগত আছে: বিহাৰ চৰকাৰক কটাক্ষ ছোনিয়াৰ

author img

By

Published : Oct 27, 2020, 2:18 PM IST

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধীয়ে বিহাৰ চৰকাৰক কটাক্ষ কৰি কয় যে, শাসনৰ গাদীত বহাৰ অহংকাৰ কৰিছে চৰকাৰখনে। জনতাই এতিয়া মহাজোঁটবন্ধনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

তেওঁ কয় যে, 'বৰ্তমান বিহাৰ চৰকাৰ পথভ্ৰষ্ট হৈছে। বিহাৰ চৰকাৰৰ মন্ত্ৰী-বিধায়কে ভাল কথাও নকয় আৰু ভাল কামো নকৰে। শ্ৰমিকসকল অসহায় হৈ পৰিছে, কৃষক চিন্তিত হৈছে আৰু যুৱ প্ৰজন্ম নিৰাশ হ'বলগীয়া হৈছে। বিহাৰৰ ৰাইজ এতিয়া কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ লগত আছে আৰু এয়া বিহাৰবাসীৰ সমৰ্থন।' লগতে তেওঁ কয়, 'অৰ্থ ব্যৱস্থাৰ পঁয়ালগা অৱস্থাই সাধাৰণ ৰাইজক মাধমাৰ সোধাইছে। ভূমিপুত্ৰ আজি গভীৰ সংকটত আছে। দলিত আৰু মহাদলিতক দুৰাৱস্থাৰ মাজত তিল তিলকৈ দুৰ্ভোগ ভূগিবলৈ চৰকাৰে এৰি দিছে। সমাজৰ পিছপৰা শ্ৰেণীসমূহো এই দুৰ্দশাৰ চিকাৰ হ'বলগীয়া হৈছে।'

বিহাৰ আৰু দিল্লী চৰকাৰক বন্দী চৰকাৰ আখ্যা দি বিমুদ্ৰাকৰণ, বাণিজ্য় বন্ধ, আৰ্থিক ক্ষেত্ৰত বন্ধ, খাদ্য আৰু নিয়োগৰ ক্ষেত্ৰতো উন্নতিৰ পথ বন্ধ হৈ পৰিছে বুলি সমালোচনা কৰে ছোনিয়া গান্ধীয়ে। তেওঁ ইয়াকো কয় যে, এতিয়া বিহাৰ চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা নাই। চৰকাৰৰ বিৰোধিতা কৰি এইবাৰ নতুন বিহাৰ গঢ়িব বিহাৰবাসীয়ে। এতিয়া পৰিৱৰ্তনৰ সময়। সকলোতে পৰিৱৰ্তনৰ জোৱাৰ উঠিছে। কিয়নো, পৰিৱৰ্তন মানেই হৈছে পেচা, শক্তি, নতুন চিন্তাৰ থল। এতিয়া বিহাৰৰ নতুন অধ্যায় লিখাৰ সময়। বিহাৰৰ ৰাইজৰ হাতত শক্তি, গুণ, কৌশল, নিৰ্মাণ কৰিব পৰা শক্তি আছে। কিন্তু নিবনুৱা সমস্যা, আন ৰাজ্যত গৈ কামৰ হাবাথুৰি খোৱা আদি সমস্যাই বিহাৰবাসীক লগ নেৰা হৈছে। মূল্যবৃদ্ধি আৰু দৰিদ্ৰতাই বিহাৰৰ ৰাইজৰ চকুত কেৱল চকুপানী দিছে।

তেওঁ কয় যে, 'যিবোৰ কথা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি, সেইবোৰ অশ্ৰুৱে ব্যক্ত কৰে। চৰকাৰৰ নীতিয়ে শংকা আৰু অপৰাধজনিত ঘটনাহে বৃদ্ধি কৰিছে। বিহাৰৰ ভাৰতৰ দৰ্পণ সদৃশ আৰু এক আশা। বিহাৰ ভাৰতৰ গৌৰৱ। বিহাৰৰ কৃষক, শ্ৰমিক, যুৱক-যুৱতী সমগ্ৰ বিশ্বতে আছে। আজি এইসকল লোকেই নিজৰ গাঁও, চহৰ, কৃষিভূমিত পৰিৱৰ্তন অনাৰ বাবে সাজু হৈ আছে। ভোট দিয়াৰ সময়ত চিঞাহী লগা আঙুলি এতিয়া প্ৰশ্ন কৰাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হৈছে। খাদ্য, নিযুক্তি, শিক্ষা আৰু স্বাস্থ্যক লৈ প্ৰশ্ন কৰিবলগীয়া হৈছে। বৰ্দ্ধিত অপৰাধজনিত ঘটনায়ো শংকিত কৰিছে বিহাৰবাসীক। সেয়ে এই সময় অন্ধকাৰৰ পৰা পোহৰৰ ফালে, মিছাৰ পৰা সত্য, বৰ্তমানৰ পৰা ভৱিষ্যতলৈ গতি কৰাৰ।'

মহাজোঁটবন্ধনৰ প্ৰাৰ্থীক ভোট দি নতুন বিহাৰ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনালে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

লগতে পঢ়ক:অন্ধ্ৰ প্ৰদেশত আবকাৰী বিভাগৰ দ্বাৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.