ETV Bharat / bharat

দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনালে ছোনিয়া গান্ধীয়ে

বিজয়া দশমী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ৷ এই বিজয়া দশমীয়ে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি আনিব বুলিও তেওঁ আশা ব্যক্ত কৰে ৷

author img

By

Published : Oct 25, 2020, 9:15 PM IST

ছোনিয়া গান্ধী
ছোনিয়া গান্ধী

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: দেওবাৰে বিজয়া দশমী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে ৷ তেওঁ কয় যে, ন দিনীয়া এই উৎসৱ হৈছে অন্যায় আৰু অহংকাৰৰ বৰুদ্ধে বিজয়ৰ প্ৰতীক ৷

ইয়াৰোপৰি তেওঁ কেন্দ্ৰ চৰকাৰক আক্ৰমণ কৰি কয়, "বিজয়া দশমীৰ আটাইতকৈ ডাঙৰ বাৰ্তা এইয়া যে, শাসকৰ জীৱনত অহংকাৰ, মিথ্যাচাৰ আৰু প্ৰতিশ্ৰুতি সমূহক উলংঘন কৰাৰ কোনো স্থান নাই ৷"

তেওঁ আশা ব্যক্ত কৰে যে, এই বিজয়া দশমীয়ে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি আনিব ৷ আনকি ৰাইজৰ মাজত সদ্ভাৱ আৰু সাংস্কৃতিক মূল্যকো মজবুত কৰিব ৷

তেওঁ ৰাইজক উৎসৱৰ সময়ত কৰ'ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ জাৰি কৰা সকলো প্ৰট'কল মানি চলিবলৈকো আহ্বান জনায় ৷ আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও বিজয়া দশমী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: গেংটক-নাথুলা সংযোগী পথ উদ্বোধন ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.