ৰাজস্থান, 15 মাৰ্চ: বৃহস্পতিবাৰে নিশা পাব-জি খেলাৰ বাবে ৰাজস্থানৰ ৰাজকোটৰ এখন পাণদোকানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰেছয়গৰাকী ছাত্ৰক ৷ 6 মাৰ্চত ৰাজকোট চহৰৰ আৰক্ষী প্ৰশাসনে নিষিদ্ধ কৰিছিল পাব-জি নামৰ অনলাইন গেমটো ৷ এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰায় 16 গৰাকীকৈ লোকক ৷
আৰক্ষীৰ মতে, কেইবাজনো লোকে একেলগে খেলা এই অনলাইন গেমটোৰ বাবে ছাত্ৰ-ছাত্ৰীসকৰ স্বভাৱ চৰিত্ৰ তথা আচৰণতো বিৰূপ প্ৰভাৱ পৰে ৷ যাৰ বাবে আৰক্ষীয়ে পাব-জি নামৰ অনলাইন গেমটো নিষিদ্ধ ঘোষণাকৰে ৷