ETV Bharat / bharat

উত্তৰ প্ৰদেশত 6 গৰাকী খেতিয়কক মহতিয়াই নিলে দ্ৰুতবেগী ট্ৰাকে - উত্তৰ প্ৰদেশ

বুধবাৰে পুৱাৰভাগত সংঘটিত হয় এই ঘটনা । ঘটনাৰ খবৰ পায়েই দুৰ্ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আকাশ তোমৰ উপস্থিত হয় । নিহতসকলক 2 লাখ আৰু আহত সকলক 50 হাজাৰ টকাকৈ এককালিন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে ।

উত্তৰ প্ৰদেশত 6 গৰাকী খেতিয়কক মহতিয়াই নিলে দ্ৰুত বেগী ট্ৰাকে

author img

By

Published : May 20, 2020, 10:49 AM IST

নিউজ ডেস্ক, 20 মে': লক ডাউন শিথিল কৰাৰ পাচত নিজে উৎপাদন কৰা ফচল বিক্ৰী কৰিব আহি মৃত্যুক সাৱতিলে উত্তৰ প্ৰদেশৰ 6 গৰাকী খেতিয়কে । এক দুৰ্ঘটনাত থিতাতে প্ৰাণ যায় 5 গৰাকী খেতিয়কৰ, আনহাতে এজন খেতিয়কৰ মৃত্যু হয় হাস্পতালত ।

উত্তৰ প্ৰদেশৰ এটাৱাহ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱাৰ ভাগত এই দুৰ্ঘটনা সংঘটিত হয় । খেতিয়ক 6 গৰাকীয়ে পাচলি বিক্ৰী কৰি এখন মিনি ট্ৰাকত ঘৰলৈ উভতাৰ পথত বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ট্ৰাক এখনে মহতিয়াই নিয়ে তেওঁলোকক ।

ঘটনাৰ খবৰ পায়েই দুৰ্ঘটনাস্থলীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আকাশ তোমৰ উপস্থিত হয় আৰু আহতসকলক মিনি PGI লৈ স্থানান্তৰিত কৰে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত সকলক 2 লাখ আৰু আহত সকলক 50 হাজাৰ টকাকৈ এককালিন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.