ETV Bharat / bharat

ৰাজ্যৰ বিত্তী মন্ত্ৰীসকলৰ সৈতে বৈঠকত অনুষ্ঠিত কৰিব নিৰ্মলা সীতাৰমণে - Assam Cares

শীঘ্ৰে ৰাজ্য সমূহৰ বিত্তীয় ব্যৱস্থা সন্দৰ্ভত ভিডিঅ' কনফাৰেঞ্চযোগে ৰাজ্যৰ বিত্তমন্ত্ৰী সমূহৰ সৈতে বাৰ্তালাপ কৰিব বুলি সোমবাৰে মন্তব্য কৰে অসমৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

নিৰমলা সীতাৰমণ
ৰাজ্যৰ বিত্তী মন্ত্ৰীসকলৰ সৈতে বৈঠকত অনুষ্ঠিত কৰিব নিৰ্মলা সীতাৰমণে
author img

By

Published : Apr 20, 2020, 8:13 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শীঘ্ৰে ৰাজ্যৰসমূহৰ বিত্তীয় ব্যৱস্থা সন্দৰ্ভত ভিডিঅ' কনফাৰেঞ্চযোগে বাৰ্তালাপ কৰিব বুলি সোমবাৰে সদৰী কৰে অসমৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

নিৰমলা সীতাৰমণ
ৰাজ্যৰ বিত্তী মন্ত্ৰীসকলৰ সৈতে বৈঠকত অনুষ্ঠিত কৰিব নিৰ্মলা সীতাৰমণে

শৰ্মাই কয় যে,কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে বিত্তীয় ব্যৱস্থা সন্দৰ্ভত শীঘ্ৰে ডিডিঅ' কনফাৰেঞ্চযোগে ৰাজ্যৰ বিত্তমন্ত্ৰী সকলৰ সৈতে বাৰ্তলাপ কৰিব বুলি ১৯ এপ্ৰিল তথা দেওবাৰে মোৰ সৈতে হোৱা বাৰ্তালাপত অৱগত কৰে । লগতে কয় যে, এই সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে ।

সোমবাৰে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিঃৰাজ্যত থকা ব্যক্তিসকলৰ বাবে সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে "Assam Cares"নামৰ আঁচনি মুকলি কৰা সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এনেদৰে মন্তব্য় কৰে ।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে,অনলাইন প্লেটফৰ্মৰ মাধ্যমেৰে বহিঃৰাজ্যত বন্দী হৈ থকা ৪.২৫ লাখৰো অধিক অসমীয়া লোকৰ সৈতে ইতিমধ্যে সম্পৰ্ক কৰা হৈছে । সোমবাৰে বহিঃৰাজ্যত থকা ৪,২৫ লাখ ব্যক্তিৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা ২০০০ টকাৰ এককালীন সাহাৰ্য আগবঢ়োৱা হৈছে ।

উল্লেখ্য যে, ৬৮,০০০ৰো অধিক অসমীয়া ব্যক্তি কৰ্ণাটকত,৩৬,০০০ তামিলনাডুত, ৩৪,০০০ কেৰালাত, ২১,০০০ মহাৰাষ্ট্ৰত আৰু বহু সংখ্যক ব্যক্তি দেশৰ আন আন ৰাজ্যসমূহত লক ডাউনৰ বাবে বন্দী হৈ আছে বুলি সংবাদমেলত সদৰী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.