ETV Bharat / bharat

প্লাষ্টিকৰ ভয়াৱহতাৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ গীতিকাৰে ৰচিলে এটি বিশেষ গীত ! - প্লাষ্টিকৰ দ্বাৰা সংঘটিত পৰিবেশৰ দুৰ্যোগ

দেশৰ প্ৰায় সংখ্যক গাঁও আৰু চহৰ বৰ্তমান বিষাক্ত আৰু ক্ষতিকাৰক পেলনীয়া প্লাষ্টিক জাবৰত পোত যোৱাৰ উপক্ৰম হৈছে ৷ প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত হ'ব পৰা ৰোগ সমূহৰ বিষয়ে জ্ঞাত হোৱাৰ পিচতো কিন্তু আমি ইয়াৰ ব্যৱহাৰ কৰি আছো, আৰু এনে এখন জগতৰ দিশে অগ্ৰসৰ হৈছো য'ত ভূমি আৰু নদীৰ পানী ফচলহীন হৈ পৰিব ৷

প্লাষ্টিকৰ ভয়াৱহতাৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ গীতিকাৰে ৰচিলে এটি বিশেষ গীত !

author img

By

Published : Dec 25, 2019, 12:55 PM IST

Updated : Dec 25, 2019, 2:59 PM IST

নিউজ ডেস্ক, 25 ডিচেম্বৰ: শেহতীয়া এক সমীক্ষাৰ পৰা জানিব পৰা মতে, বৰ্তমানলৈকে মুকলিত পেলাই দিয়া একক ব্যৱহৃত প্লাষ্টিকৰ জাবৰৰ পৰিমাণ ভূ-পৃষ্ঠক প্ৰায় তিনিবাৰ আৱৰিবৰ বাবে যথেষ্ট ৷ প্লাষ্টিকৰ পচন ঘটাবৰ বাবে পৃথিৱীত যথেষ্ট পৰিমাণৰ তাপমান আৰু চাপ নাই,যাৰ ফলত হাজাৰ হাজৰ বছৰ ধৰি প্লাষ্টিক ইয়াৰ নিজৰ অৱস্থাতে থাকে ৷

একক ব্যৱহৃত প্লাষ্টিকৰ দ্বাৰা সংঘটিত পৰিৱেশৰ দুৰ্যোগ দেখা পায়, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ জনসাধাৰণক প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে ৷ এই আহ্বানত অনুপ্ৰাণিত হৈ মধ্যপ্ৰদেশৰ মান্দালা জিলাৰ কণ্ঠশিল্পী,গীতিকাৰ শ্যাম বৈৰাগীয়ে সজাগতাৰ বাবে এটি গীত ৰচনা কৰি নিজে কণ্ঠদান কৰিছে ৷ গীতৰ শিৰোনাম হৈছে "গাড়ীৱালা আয়া ঘৰ চে কচ্চৰা নিকাল" ৷ প্লাষ্টিকৰ ভয়াৱহতা সম্পৰ্কে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰা বাবে ই টি ভি ভাৰক ধন্যবাদ জনায় শ্যাম বৈৰাগীয়ে ৷ তেখেতে কয় যে, "ই টি ভি ভাৰতে মোৰ কণ্ঠক ভাৰতৰ প্ৰতিটো কোণলৈ লৈ গৈছে ৷ গুজৰাটত অনুষ্ঠিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক অনুৰোধ জনাইছিল প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ ৷ তেখেতে মোক প্লাষ্টিক সম্বন্ধে লিখিবলৈ অনুপ্ৰাণিত কৰিছে ৷ কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেই প্লাষ্টিক বিপদজ্জনক" ৷

প্লাষ্টিকৰ ভয়াৱহতাৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ গীতিকাৰে ৰচিলে এটি বিশেষ গীত !

শ্যাম বৈৰাগীয়ে বৰ্তমানলৈকে প্ৰায় 36 টাতকৈও অধিক গীত ৰচনা কৰিছে ৷ তেওঁৰ প্ৰতিটো গীতে চৰকাৰৰ বিভিন্ন আঁচনি,প্ৰচাৰ,গাঁওবাসীয়ে ভুগি থকা ৰোগ সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰে ৷ একক ব্যৱহৃত প্লাষ্টিক বৰ্জনৰ বাবেও তেখেতে এটা গীত ৰচনা কৰিছে ৷ শ্যাম বৈৰাগীয়ে কয় যে,প্লাষ্টিকৰ বিৰুদ্ধে যদি শীঘ্ৰে যুদ্ধ ঘোষণা কৰা নহয়,তেন্তে সেই দিনটোলৈ বেছি দূৰ নাই য'ত এক ইঞ্চি স্বচ্ছ ভূমিৰ বাবে মানুহে যুঁজ কৰিব লাগিব ৷

লগতে পঢ়কঃছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোতে সাৱধান! চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰৰ কঠোৰ সকীয়নি

Intro:Body:

PLASTIC MANDALA STORY

Conclusion:
Last Updated : Dec 25, 2019, 2:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.