নিউজ ডেস্ক, 12 নৱেম্বৰঃ মঙলবাৰে মহাৰাষ্ট্ৰত বলবৎ কৰা হ'ল ৰাষ্ট্ৰপতি শাসন ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যপালৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পাচতেই ৰাজ্যখনত বলবৎ কৰা হয় ৰাষ্ট্ৰপতি শাসনৰ ৷ বিগত 18 দিনে ৰাজ্যখনত চৰকাৰ গঠনৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল আটাইকেইটা ৰাজনৈতিক দল ৷
প্ৰধানমন্ত্ৰীৰ মোদীৰ ব্ৰাজিল ভ্ৰমণৰ পূৰ্বে মঙলবাৰে নতুন দিল্লীত অনুষ্ঠিত কৰা হয় কেন্দ্ৰীয় কেবিনেটৰ বৈঠক ৷ কেবিনেট বৈঠকৰ পাচতেই মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ আশংকা ব্যক্ত কৰিছিল একাংশই ৷ ৰাজ্যপাল ভগত সিং ক'ছয়াৰীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰাণলয়ক এখন প্ৰতিবেদনও দাখিল কৰে ৷
লগতে পঢ়ক মহাৰাষ্ট্ৰত বলবৎ ৰাষ্ট্ৰপতি শাসন
ইপিনে, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে শিৱসেনা ৷ ৰাজ্যপালৰ সিদ্বান্তৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত এখন আবেদনো দাখিল কৰে শিৱসেনাই ৷ মহাৰাষ্ট্ৰত ৰাজ্যপালে যদিহে বিজেপিক 48 ঘন্টাৰ সময় দিব পাৰে তেন্তে শিৱসেনাক কিয় 24 ঘন্টাৰ সময়সীমাহে বান্ধি দিয়া হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে শিৱসেনাই ৷
উল্লেখ্য যে, শিৱসেনাক মঙলবাৰে সন্ধিয়া 8 বাজি 30 মিনিটলৈকে সময়সীমা বান্ধি দিছিল ৰাজ্যপালে ৷