ETV Bharat / bharat

অনুচ্ছেদ 370 আৰু ভাৰত - চীনৰ আলোচনা - জম্মু আৰু কাশ্মীৰ

সমগ্ৰ এছিয়াত প্ৰভাৱ বিস্তাৰ বুজিবলৈ ভাৰত আৰু চীন এক বুজাবুজিৰ মাজলৈ আহিবই লাগিব ৷ সীমা বিবাদৰ লগতে চীনৰ সৈতে আমাৰ কেইবাটাও ইচ্ছু আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ্ণ ইক’নমিক ফৰামৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ পূৰ্বে মস্কোৰ ভালদাই ক্লাৱৰ এক মত বিনিময় অনুষ্ঠানত বৈদেশিক মন্ত্ৰী ড0 এছ জয়শংকৰে এই সমস্যা সমাধানৰ বাবে প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰে

অনুচ্ছেদ 370 আৰু ভাৰত - চীনৰ আলোচনা
author img

By

Published : Sep 20, 2019, 10:02 PM IST

Updated : Sep 21, 2019, 12:36 PM IST

চীনদেশত প্ৰচলিত এটা প্ৰবাদ আছে, এটা সময়ত এটা খোজৰ দ্বাৰাই এটা দীঘলীয়া যাত্ৰাক সামৰি ল’ব পৰা যায় ৷ অৱশ্যে এতিয়ালৈকে হাতত লোৱা কেইবাটাও পদক্ষেপৰ অন্তত নতুন দিল্লী আৰু বেইজিঙৰ দূৰত্ব সলনি হোৱাৰ সম্ভাৱনা দেখা যায় ৷ বিগত বৰ্ষৰ অক্টোবৰত চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৱুহুনত মিলিত হয় ৷ এই দুই শীৰ্ষ নেতাই ইতিমধ্যেই চলিত বৰ্ষত জাপানৰ বিছেক আৰু অছাকাত অনুষ্ঠিত হোৱা এছ চি অ সন্মিলত দুবাৰকৈ মিলিত হৈছে ৷ অক্টোবৰৰ বৈঠকৰ বাবে ভাৰত আৰু চীন সাজু হৈছে, তেনে ক্ষেত্ৰত চীনৰ টেলিকম কোম্পানী হোৱাইক 5 জিৰ পৰীক্ষণৰ বাবে সেউজ সংকেত নিদিবলৈ মোডী চৰকাৰক হেচা প্ৰয়োগ কৰিছে ট্ৰাম্পে ৷

কাশ্মীৰ হ’ব পাৰে চাবি কাঠি

কিন্তু অনুচ্ছেদ 370 ৰ বাতিল আৰু জম্মু আৰু কাশ্মীৰৰ পুনৰ গঠন এক সমস্যাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ সমগ্ৰ এছিয়াত প্ৰভাৱ বিস্তাৰ বুজিবলৈ ভাৰত আৰু চীন এক বুজাবুজিৰ মাজলৈ আহিবই লাগিব ৷ সীমা বিবাদৰ লগতে চীনৰ সৈতে আমাৰ কেইবাটাও ইচ্ছু আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ্ণ ইক’নমিক ফৰামৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ পূৰ্বে মস্কোৰ ভালদাই ক্লাৱৰ এক মত বিনিময় অনুষ্ঠানত বৈদেশিক মন্ত্ৰী ড0 এছ জয়শংকৰে এই সমস্যা সমাধানৰ বাবে প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ সমষ্টি বাৰানসীৰ সলনি তামিল নাডুৰ এখন চহৰত চীনৰ ৰাষ্ট্ৰপতিয়ে এক বৈঠকত অংশগ্ৰহণ কৰাৰ এক সংকেত লাভ কৰা হৈছে ৷ কিন্তু শেষ মূহুৰ্তত কাশ্মীৰৰ পৰিস্থিতিক লৈ বৈঠক অন্তিম মূহুৰ্তত সলনি হ’ব পাৰে ৷

মোডী চৰকাৰৰ 5 আগষ্টৰ ঐতিহাসিক ঘোষণাৰ পাচত বেইজিঙৰ কঠোৰ স্থিতিয়ে আগন্তুক আলোচনাত প্ৰভাৱ পেলাব ৷ ইয়াৰ ওপৰিও জয়শংকৰৰ বেইজিং ভ্ৰমণ আভ্যন্তৰীণ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱাৰ ইংগিত বহন কৰে ৷ জয়শংকৰে আশ্বাস প্ৰদান কৰে যে, লাডাখৰ সীমাত থকা চীনৰ সীমা নিয়ন্ত্ৰণে কোনো সমস্যাৰ সৃষ্টি নকৰে ৷

জয়শংকৰৰ চীন ভ্ৰমণৰ পাচতে আনুষ্ঠানিক প্ৰস্তাৱৰ পৰিৱৰ্তে চীনে কাশ্মীৰ প্ৰসংগ ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত আলোচনা কৰাতো পাকিস্তানৰ সহযোগিতা আছিল ৷ পাকিস্তানৰ নেতা আৰু বিষয়াৰ সৈতে মিলিত হৈ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই য়ে ইছলামাবাদত দিল্লীৰ সিদ্ধান্ত সঠিক নোহোৱা বুলি কৰা মন্তব্যই আকৌ তাৎপৰ্য বহন কৰিছে ৷

পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় আইন উলংঘন কৰা কাৰ্যই নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিব বুলি দিল্লীৰ সূত্ৰই প্ৰকাশ কৰে ৷ বিগত সপ্তাহত চীন আৰু ভাৰতীয় সেনাৰ মাজত লাডাখৰ পূৱ প্ৰান্তত সংঘাত হোৱাৰ পাচত এতিয়া অব্যাহত আছে আলোচনা ৷ 2017 চনৰ আগষ্টত সেই একে স্থানতে দুয়োটা পক্ষৰ মাজত সংঘটিত হৈছিল শিল দলিওৱা ঘটনা ৷ সেই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচত ৱুহুম সন্মিলনত ইয়াৰ মীমাংসাৰ বাবে প্ৰস্তাৱ লোৱা হৈছিল ৷

ৰাছিয়াৰ ভালদাই ক্লাৱত এজন ৰাছিয়ান সংবাদিকে ইণ্ডো-পেচেফিক বৈদেশিক সম্পৰ্কক অধিক অগ্ৰাধিকাৰ প্ৰদানৰ আঁৰত ভাৰত চৰকাৰে চীনক প্ৰতিহত কৰাৰ কৌশল নিহিত আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ সুব্ৰমনিয়ম জয়শংকৰে কয়- "নিষেধাজ্ঞা বা বৰ্জন ভাৰতবৰ্ষৰ কৌশল নহয় ৷ আমি এতিয়া শীতল যুদ্ধৰ মানসিকতা ত্যাগ কৰা উচিত ৷ কাৰণ এতিয়া আমি বহুমেৰুযুক্ত বিশ্বত বাস কৰো ৷"

ভাৰত-চীনৰ বৈদেশিক সম্পৰ্ক দীঘলীয়া কাশ্মীৰ সমস্যা আৰু পাকিস্তান প্ৰৰোচিত সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ আদি সকলো ইছ্যুকেই উপস্থাপন কৰা যেন পৰিলক্ষিত হোৱা নাই ৷ ইয়াৰ পৰিৱৰ্তে কোনো গুৰুত্বপূৰ্ণ সফলতা মোডী আৰু জিন পিংৰ সাক্ষাৎতত দেখা নগ’ল ৷ ৱুহানত হোৱা বাৰ্তাৰ পৰা বিগত বৰ্ষবোৰত হৈ অহা বাণিজ্যিক ঘাটি কমাই অনাতহে সুবিধাজনক হ’ব বুলি আশা কৰিব পাৰি ৷

-স্মীতা শৰ্মা

Intro:Body:

Shadow of 370 on Modi-Xi Meet

Conclusion:
Last Updated : Sep 21, 2019, 12:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.