ETV Bharat / bharat

বিহাৰ চৰকাৰলৈ তেলেংগানা চৰকাৰৰ ব্যতিক্ৰমী অনুৰোধ

author img

By

Published : Mar 30, 2020, 12:39 PM IST

তেলেংগানা চৰকাৰৰ এক ব্যতিক্ৰমী অনুৰোধ ৷ বিহাৰৰ পৰা শ্ৰমিক পঠাবলৈ আহ্বান ৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী
কে. চন্দ্ৰশেখৰ ৰাও

নেশ্যনেল ডেস্ক, 30 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত শ্ৰমিকসকলে নিজ নিজ ৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে তেলেংগানা চৰকাৰে বিহাৰলৈ এক ব্য়তিক্ৰমী অনুৰোধ জনাইছে ৷ চাউলৰ মিলত কৰ্মৰত বিহাৰৰ শ্ৰমিকসকলক তেলেংগানালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে তেলেংগানা চৰকাৰে ৷

দেওবাৰে এক সংবাদমেল সম্বোধন কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওয়ে কয় যে, মুখ্য সচিব সোমেশ কুমাৰে এই সম্পৰ্কত বিহাৰ চৰকাৰৰ সৈতে আলোচনা কৰিব ৷

ৰাওয়ে কয় যে, প্ৰয়োজন হ'লে তেওঁ বিশেষ ট্ৰেইনৰ জৰিয়তে হলেও তেলেংগানালৈ কিছু শ্ৰমিক পঠাবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব ৷

1.05 কোটি টনৰ ধান খেতি কৰা তেলেংগানাত বহুসংখ্যক বিহাৰী শ্ৰমিকে শ্ৰমদান কৰে ৷ কিন্তু, লকডাউন ঘোষণাৰ ফলত ৰাজ্যখনৰ ধানখেতিত বিৰূপ প্ৰভাৱ পৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেলেংগানাৰ চাউলৰ মিলত কাম কৰা 95 শতাংশই বিহাৰী শ্ৰমিক ৷ কিন্তু, ফাকুৱাৰ সময়ত বিহাৰলৈ যোৱা এই শ্ৰমিকসকল লকডাউনৰ বাবে বিহাৰতে আৱদ্ধ হৈ থাকিবলগা হৈছে ৷

আৰু পঢ়ক :

কৰ'ণা ভাইৰাছ : স্বাস্থ্যকৰ্মীলৈ মন্ত্ৰণালয়ৰ SOP জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.