ETV Bharat / bharat

ছত্তিশগড় ডান্টেৱাড়াত উদ্ধাৰ সক্ৰিয় আইইডি

author img

By

Published : Jul 5, 2020, 7:38 PM IST

ছত্তিশগড়ৰ নক্সাল অধ্যুষিত ডান্টেৱাড়াত দেওবাৰে উদ্ধাৰ হয় এটা সক্ৰিয় আইইডি ৷ আইইডিটোত 4 কিলোগ্ৰাম বিষ্ফোৰক সংযোগ কৰি ৰখা হৈছিল আৰু ইয়াক এটা ষ্টীলৰ কন্টেইনাৰত ভৰাই মাটিৰ তলত পুতি থৈ দিছিল সন্দেহজনক মাওবাদীয়ে ৷

ছত্তিশগড় ডান্টেৱাড়াত উদ্ধাৰ সক্ৰিয় আইইডি
ছত্তিশগড় ডান্টেৱাড়াত উদ্ধাৰ সক্ৰিয় আইইডি

নিউজ ডেস্ক, 5 জুলাই : ছত্তিশগড়ৰ ডান্টেৱাড়াৰ পৰা নিৰাপত্তা বাহিনীয়ে দেওবাৰে এক শক্তিশালী আইইডি বোমা উদ্ধাৰ কৰে ৷ জিলাখনৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে এই কথা প্ৰকাশ কৰিছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, 4 কিলোগ্ৰাম ওজনৰ বোমাটো এটা ষ্টীল কন্টেইনাৰৰ ভিতৰত সংযোগ কৰি মাটিৰ তলত পুতি ৰখা হৈছিল ৷ জিলা সংৰক্ষিত বাহিনীৰ এক নিয়মীয়া তালাচীৰ সময়তে জিলাখনৰ পাঞ্চালী গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় আইইডি বোমাটো ৷ ইতিমধ্য়ে ইয়াক সুৰক্ষিত স্থানত নিষ্ক্ৰিয় কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷

আজি দিনৰ ভাগত জম্মু-কাশ্মীৰত হোৱা এক আইইডি বিষ্ফোৰণত এগৰাকী চিআৰপিএফ জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ গাংগো গাঁৱত চিআৰপিএফৰ তহলদাৰী দল এটাক লক্ষ্য কৰি এইদৰে বিষ্ফোৰণ সংঘটিত কৰা হৈছিল ৷

আনহাতে কিছুদিন পূৰ্বে ছত্তিশগড়ৰ কানকেৰ জিলাটো 5 কিলোগ্ৰাম ওজনৰ আন এক শক্তিশালী বোমা উদ্ধাৰ কৰিছিল ডিআৰজিয়ে ৷ জিলাখনৰ ৰাভাছ জংঘলৰ পৰা তহলদাৰী ডিআৰজিৰ এটা দলে উদ্ধাৰ কৰিছিল আইইডিটো ৷ এমাহ পূৰ্বে নাৰায়নপুৰ জিলাত সংঘটিত এক শক্তিশালী আইইডি বিষ্ফোৰণত ছত্তিশগড় সশস্ত্ৰ বাহিনীৰ এগৰাকী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷

লগতে পঢ়কঃ জম্মুৰ পুলৱামাত আইইডি বিস্ফোৰণ, আহত চিআৰপিএফ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.