ETV Bharat / bharat

মুখ্যমন্ত্ৰী যোগীৰ উদ্ধোধনী অনুস্থানত উপস্থিতিৰ পূৰ্বে নয়দাত জাৰি ১৪৪ধাৰা

author img

By

Published : Aug 8, 2020, 6:19 PM IST

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নয়দাত উপস্থিত হোৱাৰ পূৰ্বে শনিবাৰে জাৰি কৰা হ'ল ১৪৪ ধাৰা । মুখ্যমন্ত্ৰী গৰাকীয়ে নয়দাৰ চেক্টৰ ৩৯ত উদ্ধোধন কৰিব এখন ক'ভিড-১৯ চিকিৎসালয় । এই সময়চোৱাত কোনো লোকে উৰাব নোৱাৰিব ড্ৰুণ । ১৫ গৰাকীকৈ ৰাজপত্ৰিত বিষয়াৰ লগতে ৭০০ পৰ্যন্ত চিপাহী চন্তৰী নিয়োগ কৰা হৈছে এই উদ্ধোধনী অনুস্থানৰ কাৰ্যসূচীত । তাৰোপৰি ক'ভিড-১৯ৰ স্ক্ৰিনিঙৰ মাজেৰে পাৰ হৈহে লোক উপস্থিত হ'ব পাৰিব অনুষ্ঠানত ।

Section 144 imposed in Noida ahead of CM Yogi's visit to inaugurate COVID hospital
মুখ্যমন্ত্ৰী যোগীৰ উদ্ধোধনী অনুস্থানত উপস্থিতিৰ পূৰ্বে নয়দাত জাৰি ১৪৪ধাৰা

নিউজ ডেস্ক,৮আগষ্ট: আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীৰ নয়দা ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নয়দাত জাৰি কৰা হৈছে ১৪৪ ধাৰা ।

অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰণ বিজয় সিঙে সদৰি কৰা মতে, মুখ্যমন্ত্ৰীগৰাকীৰ নয়দা ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নয়দাত জাৰি কৰা হৈছে ১৪৪ ধাৰা । এই সময়চোৱাত কোনো লোকে উৰাব নোৱাৰিব ড্ৰোণ । মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত চহৰখনত অতিৰিক্তভাৱে নিয়োগ কৰা হৈছে ১৫ গৰাকীকৈ ৰাজপত্ৰিত বিষয়াৰ লগতে ৭০০তকৈ অধিক চিপাহী চন্তৰী । তাৰোপৰি ক'ভিড-১৯ৰ স্ক্ৰিনিঙৰ মাজেৰে পাৰ হৈহে লোক উপস্থিত হ'ব পাৰিব ক'ভিড-১৯ৰ চিকিৎসালয় উদ্ধোধনৰ অনুস্থানত ।

উত্তৰ প্ৰদেশত মহামাৰী ক'ৰণাৰ বৰ্ধিত সংক্ৰমণৰ বাবে নয়দাৰ গৌতম বুদ্ধ নগৰৰ চেক্টৰ ৩৯ত মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্ধোধন কৰিব এই ক'ভিড-১৯ চিকিৎসালয়খন । ইয়াৰ এদিন পূৰ্বে শুক্ৰবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলাখনত বৰ্তমানৰ মহামাৰী ক'ৰণাৰ স্থিতি সম্পৰ্কে বহুকেইগৰাকী জন প্ৰতিনিধিৰ লগত এক আলোচনাতো মিলিত হৈছিল ।

ৰাজ্যিক স্বাস্থ্য বিভাগে অৱগত কৰা মতে, জিলাখনত শুক্ৰবাৰে নতুনকৈ ক'ভিড আক্ৰান্ত হৈছিল ৬১ গৰাকী ব্যক্তি । বৰ্তমান সক্ৰিয় হৈ থকা ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৯০৬ টা । ইতিমধ্যে ৪,৮৫৭ গৰাকী লোক ক'ভিড-১৯ৰ পৰা সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে ৪৩ গৰাকী ক'ভিড আক্ৰান্তৰ । জিলাখনত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা হৈছে ৫,৮০৬গৰাকী ।

স্বাস্থ্য বিভাগৰ তথ্য অনুযায়ী, উত্তৰ প্ৰদেশত বৰ্তমানলৈকে ক'ভিড-১৯ত আক্ৰান্তৰ সৰ্বমুঠ সংখ্যা হৈছে ১,০৮,৬১৪টা । ইয়াৰে ৪৩,৬৫৪টা সক্ৰিয়, ৬৩,৪০২টা সুস্থ আৰু ১,৯১৮টা মৃত্যুৰ ঘটনা ঘটিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.