ETV Bharat / bharat

আজৱ: ঘৰত সাপ পোহা এবিধ প্ৰাণী

সাপে কেৱল ক্ষতিয়েই কৰে নেকি ? বহু ক্ষেত্ৰত সাপে সহায়ো কৰে যাৰ বাবে সাপক ঘৰত পোহা হয় ৷ কিন্তু কি প্ৰাণীয়ে নিজৰ ঘৰত সাপ পোহে ? জানিবলৈ চাওক এই প্ৰতিবেদন...

ক্ৰিছ অউল
ক্ৰিছ অউল
author img

By

Published : Aug 16, 2020, 7:45 PM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট: গাখীৰ খুৱাই সাপ পোহা শীৰ্ষক এক প্ৰবাদ বহু বছৰৰ পৰাই চলি আহিছে আমাৰ সমাজত ৷ কিন্তু সকলো সময়তে সাপে কেৱল ক্ষতিয়েই কৰে নেকি ? বহু ক্ষেত্ৰত তেনে নহ'বও পাৰে ৷ বহু ক্ষেত্ৰত সাপে সহায়ো কৰে যাৰ বাবে সাপক ঘৰত পোহা হয় ৷

কিন্তু এই প্ৰতিবেদনত আমি সাপৰ কথা কোৱা নাই ৷ কৈছো আন এক প্ৰাণীৰ কথাহে ৷ নিজৰ শিশুক বচাবলৈ এইবিধ প্ৰাণীয়ে ঘৰত সাপ ৰাখে ৷ সিহঁতৰ নিজা ধৰণেৰ মাত উলিয়াই আমন্ত্ৰণ কৰে সাপক ৷ সাপক ঘৰত থৈ নিশ্চিন্ত মনে খাদ্য সঞ্চয়ৰ বাবে সন্ধানলৈ ওলাই যায় সিহঁত ৷ সিহঁত ঘৰত নথকা অৱস্থাত সাপৰ সৈতে সুৰক্ষিত হৈ থাকে সিহঁতৰ সন্তান আৰু সন্তানৰ খেলৰ সংগীও হৈ পৰে সাপ ৷

আমি এই প্ৰতিবেদনত উল্লেখ কৰা প্ৰাণীবিধ হ'ল আমেৰিকাৰ ক্ৰিছ অউল বা ফেঁচা ৷ ফেঁচাৰ এই প্ৰজাতিটোৰ বসতিস্থল সাধাৰণতে উত্তৰ-পূব আমেৰিকা ৷ ইহঁত আকাৰত 6 ৰ পৰা 10 ইঞ্চি পৰ্যন্ত হয় আৰু গছৰ খোৰোঙত থাকে ৷ ফেঁচা বুলি ক'লে সচৰাচৰ মনলৈ আহে ফেঁচাই সাপ, কীট-পতংগ খায় ৷ কিন্তু এই প্ৰজাতিৰ ফেঁচাই সাপ খোৱাৰ সলনি সাপক পোহে ৷ সেই সাপে সিহঁতৰ পোলালিবোৰক পহৰা দিয়ে ৷

এই প্ৰজাতিৰ সাপ মূলতঃ টেক্সাছত পোৱা যায় ৷ এই প্ৰজাতিৰ সাপক ব্লাইন্ড স্নেক বুলি কোৱা হয় ৷ ব্লাইন্ড মানে সেই সাপে চকুৰে সম্পূৰ্ণভাৱে দেখা নাপায় ৷ যাৰ বাবে ফেঁচাই কেৱল সেই প্ৰজাতিৰ সাপকহে পোহপাল দিয়ে ৷ এই প্ৰজাতিৰ সাপে বিশেষকৈ নিজৰ ঘ্ৰাণ শক্তিৰে চিকাৰ কৰে আৰু সিহঁতে কেৱল কীট-পতংগহে খায় ৷ আনহাতে এই প্ৰজাতিৰ সাপ আকাৰতো সৰু হয় ৷ কেৱল 10 ইঞ্চিৰ আশে-পাশে হয় এই সাপৰ আকাৰ ৷

টেক্সাছৰ এই সাপ সমূহ মূলতঃ কেচুৰ আকাৰৰ হয় ৷ মাটিৰ তলত বসতি এই প্ৰজাতিৰ সাপৰ ৷ সেই সাপকে নিজৰ বাহত ৰাখে ক্ৰিছ অউলে ৷ এই বিষয়টি পোহৰলৈ আহে 1980 চনত ৷ বিজ্ঞানীসকলে গৱেষণাত দেখে, প্ৰসৱৰ সময়ৰ পৰাই ক্ৰিছ অউলে সাপ মাতিবলৈ আৰম্ভ কৰে ৷ সাপ সমূহৰ লগত ফেঁচাৰ পোৱালিবোৰ একেলগে থকা দেখি হতচকিত হৈ পৰে বিজ্ঞানীসকলো ৷ বহু সময়ত সাপ সমূহক ফেঁচাৰ পোৱালিবোৰে খাই পেলায় যদিও, বেছি সময় সিহঁত সাপৰ সৈতে একেলগেই সহাৱস্থান কৰে ৷

বিজ্ঞানী সকলে পৰীক্ষা কৰি গম পায় যে, এই সাপসমূহ থাকিলে কীট-পতংগ একেবাৰেই কমকৈ আহে ৷ কেৱল এইয়াই নহয় ৷ এই সাপসমূহ ফেঁচাৰ পোৱালি সমূহৰ লগত থাকিলে পোৱালিবোৰ খুব সোনকালেই ডাঙৰ-দীঘল হয় ৷

লগতে পঢ়ক: আজৱ: ঘৰিয়ালেও বগাব পাৰে গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.