ETV Bharat / bharat

(SCO)ৰ বৈঠক: চীনৰ কোনো নেতাৰ সৈতে মিলিত নহয় ৰাজনাথ সিং

author img

By

Published : Sep 2, 2020, 4:30 PM IST

৪ চেপ্তেম্বৰত SCOৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত ভাগ লোৱাৰ পিচত ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই ছোইগু আৰু কেবাজনো উচ্চপদস্থ সামৰিক বিষয়াৰ সৈতে এক বৈঠকত মিলিত হ'ব । ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পাদিত হোৱা কেবাখনো গুৰুত্বপূৰ্ণ ছুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে ।

Rajnath Singh to not meet Chinese counterpart at SCO meeting

নতুন দিল্লী, ২ চেপ্তেম্বৰঃ চীনৰ ছাংহাই সহযোগিতা সংস্থা(SCO)ৰ বৈঠকত চীনৰ কোনো নেতাৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মিলিত নোহোৱাৰ কথা জানিবলৈ দিছে এক সূত্ৰই ।

তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ যোৱা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত ভাগ ল'ব যদিও চীনৰ কোনো নেতাৰ সৈতে মিলিত নহয় বুলি জানিব পৰা গৈছে । ভাৰত আৰু চীনৰ মাজত চলি থকা ক্ৰমৱৰ্ধমান সীমা বিবাদৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে কোনো আলোচনাত ভাগ নোলোৱাৰ সম্ভাৱনা আছে ।

প্ৰতিৰক্ষা মন্ত্ৰীৰ এক সূত্ৰ অনুসৰি ৪ চেপ্তেম্বৰত SCOৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত ভাগ লোৱাৰ পিচত ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই ছোইগু আৰু কেবাজনো উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এক বৈঠকত মিলিত হ'ব । ভাৰত আৰু ৰাছিয়াৰ মাজত সম্পাদিত হোৱা কেবাখনো গুৰুত্বপূৰ্ণ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে ।

ৰাজনাথ সিঙ অহা ৫ চেপ্তেম্বৰৰ সন্ধিয়া মস্কোৰ পৰা ভাৰতলৈ উভতি আহিব । চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ৱেই ফেংঘীও এই বৈঠকত ভাগ লোৱাৰ কথা আশা কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰীৰ এই যাত্ৰাৰ সময়ত ৰাছিয়াত অনুষ্ঠিত হ'বলগীয়া বৈঠকত ভাৰত আৰু চীনৰ বহুপাক্ষিক যুদ্ধখনৰ অৱসান ঘটাৰ পাচত দুয়োখন দেশৰ সীমান্ত বিবাদ কিছু শাম কটাৰ লগতে চীন আৰু পাকিস্তানী সেনাবাহিনীৰ প্ৰতিনিধিও অহাৰ সম্ভাৱনা আছে বৈঠকত ।

ৰাজনাথ সিঙৰ ৰাছিয়া ভ্ৰমণৰ সময়ত চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ৰ মাজত কোণোধৰণৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই জানিবলৈ দিছে এক সূত্ৰই । পূৰ্ব লাডাখৰ দক্ষিণাঞ্চলৰ পাংগিং হ্ৰদৰ তীৰত থকা বিবাদিত অঞ্চলটোত স্থিতাৱস্থা বজাই ৰখাৰ বাবে চীনা সৈন্যই কৰা ব্যৰ্থ প্ৰচেষ্টাৰ পিচত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশৰ শাম কটোৱাৰ বাবেই দুয়োখন দেশৰ মাজত SCOৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। উল্লেখ্য যে ৰাজনাথ সিঙৰ এইটো দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ ।যোৱা ৫ মেৰ পৰা আৰম্ভ হোৱা ভাৰত আৰু চীনৰ সীমান্ত বিবাদৰ পৰিস্থিতি সমাপ্ত কৰাৰ উদ্দেশ্যে উভয় দেশে কূটনৈটিক পৰ্যায়ত কেবালানিও আলোচনাত মিলিত হৈছে ।

ৰাছিয়াই ইতিমধ্যে ভাৰত আৰু চীন সীমান্ত বিবাদৰ বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ লগতে দক্ষিণ পূব এছিয়াত শান্তি বজাই ৰখাৰ স্বাৰ্থত গঠনমূলক সম্পৰ্কৰ বাবে আহ্বান জনাইছে।

জুনৰ পিচত ৰাজনাথ সিঙৰ এইটো দ্বিতীয়টো ৰাছিয়া ভ্ৰমণ । ইয়াৰ পূৰ্বে ২৪ জুনত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৰাছিয়াৰ মস্কো বিজয় দিৱসত ভাগ লৈছিল । যিটো দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ নাজী বাহিনীৰ বিৰুদ্ধে ছোভিয়েটৰ বিজয় লাভৰ পঞ্চবাৰ্ষিকী অনুষ্ঠান আছিল ।

ইফালে ৰাছিয়াই সাংহাই সহযোগিতা সংস্থাৰ বৈঠকত ভাগ লোৱাৰ বাবে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰকো আমন্ত্ৰণ জনাইছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছোইগুৰ সৈতে অনুষ্ঠিচ হবলগা বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথে সিঙে ভাৰতীয় সেনাবাহিনীৰ বাবে বিভিন্ন প্ৰকাৰৰ অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ যোগান ধৰাৰ বাবে চাপ প্ৰয়োগ কৰিব বুলি জানিব পৰা গৈছে ।ইয়াৰ পূৰ্বে ভাৰত আৰু ৰাছিয়াৰ মাজত এই সম্পৰ্কত এক চুক্তি সম্পাদিত হৈছিল ।

এই আলোচনাত উভয় পক্ষৰ মাজত ভাৰতে ২০৩ ৰাইফল নিৰ্মাণ কৰাৰ বাবে এখন দীৰ্ঘকালীন প্ৰস্তাৱ আনুষ্ঠানিকভাৱে ৰাছিয়াক দিয়াৰ সম্ভাৱনা আছে । তথ্য অনুসৰি ৰাজনাথ সিঙে ৰাছিয়াই ভাৰতক প্ৰদান কৰিবলগা এছ-৪০০ ক্ষেপণাস্ত্ৰ ৰাছিয়াই যাতে নিৰ্ধাৰিত সময়ত ভাৰতক গতাই দিয়ে তাৰবাবেও অনুৰোধ জনাব ।

ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰবলগা ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা অত্যাধুনিক এছ-৪০০ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো ভাগ ২০২১ৰ শেষৰ ফাললৈ ভাৰতে লাভ কৰিব বুলি এক সিদ্ধান্তত উপনীত হৈছিল ২০১৮ চনত কৰা চুক্তিৰ জৰীয়তে । ভাৰতে ৰাছিয়াত নিৰ্মিত এছ-৪০০ ক্ষেপণাস্ত্ৰৰ পাচটা ইউনিট ক্ৰয় কৰাৰ বাবে ৫ লাখ বিলিয়ন মাৰ্কিন ডলাৰৰ এখন চুক্তি কৰিছে । ভাৰত আৰু ৰাছিয়াৰ এই অস্ত্ৰ চুক্তিয়ে ট্ৰাম্প প্ৰশাসনৰ সতৰ্ক বানীৰ পিচতো দুয়োখন দেশে নিজৰ চুক্তিত অটল আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.