নিউজ ডেক্স, 28ডিচেম্বৰ : বৰ্তমান সময়ত আলঝেইমাৰ 65 বছৰৰ অধিক প্ৰাপ্তবয়স্ক লোকৰ মাজত দেখা যায় ৷ বৰ্তমান সময়ত শতকৰা 10ৰ ভিতৰত 1 জনৰ হোৱা দেখা যায় যদিও 2030 চনলৈ এই ৰোগ তিনিগুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ এই ৰোগ নিৰাময়ৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি ৷ বৰ্তমান এই বিষয়ৰ ওপৰত চলি আছে অধ্যয়ন ৷ অধ্যয়নকাৰী সকলে গৱেষণা কৰি এটা টি.বি ভেক্সিন তৈয়াৰ কৰিছে যাৰ দ্বাৰা কেন্সাৰ ৰোগীসকলৰ গাত থকা আলঝেইমাৰ ৰোগ হ্ৰাস কৰিব ৷
জেৰুচালেম হিব্ৰু বিশ্ববিদ্যালয়(HU) ৰ মাইক্ৰ'বায়োলজী আৰু মলিকুলাৰ জেনেটিক্স বিভাগৰ হাৰ্ভ বাৰকোভিয়াৰ,চাৰ্লচ গ্ৰিনব্লেট আৰু বেনজামিন ক্লেইন নেতৃত্বত এটা গৱেষণাৰ দলে ব্যাসিলাস ক্যালমেট গেৰিন (BCG) ভেক্সিন মূল যক্ষ্মাত সাধাৰণভাৱে ব্যৱহাৰ কৰিব পাৰিব ৷ মূত্ৰাশয়ত হোৱা কেন্সাৰ আৰু আলঝাইমাৰ দৰে ৰোগ প্ৰতিৰোধৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব এই ভেক্সিন ৷ সমীক্ষা প্ৰকাশিত হৈছিল সাময়িক পত্ৰিকা পি এল ও এছ ওৱান(PLOS ONE) ত ৷
আৰু পঢ়ক : হিমালয়ৰ বিবাদমান ভূমি সন্দৰ্ভত ভাৰত-পাকিস্তানলৈ চীনৰ শান্তি আহ্বান