ETV Bharat / bharat

সেনাত মহিলাৰ স্থায়ী আয়োগ : কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

সেনাত মহিলাক স্থায়ী আয়োগ প্ৰদান কৰিবৰ বাবে ৰায়দান উচ্চতম ন্যায়ালয়ৰ ৷ কেন্দ্ৰৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ ৷

সেনাত মহিলাৰ স্থায়ী আয়োগ
উচ্চতম ন্যায়ালয়
author img

By

Published : Feb 17, 2020, 10:25 PM IST

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : ভাৰতীয় সেনাত মহিলা কৰ্মচাৰীসকলক স্থায়ী আয়োগ প্ৰদান কৰাৰ বাবে 2010 চনৰ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ আবেদন খাৰিজ কৰিছে ৷

বিচাৰক ডি. ৱাই. চন্দ্ৰচূদে ইতিহাস ৰোমন্থন কৰি কয় যে, মহিলাক সেনাত অন্তৰ্ভূক্ত কৰাটো এটা 'ক্ৰমবিৱৰ্তিত প্ৰক্ৰিয়া' ৷

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰক মণ্ডলীয় কয় যে, মহিলাসকলক স্থায়ী আয়োগ প্ৰদান কৰিবৰ বাবে সেনা বিভাগ বাধ্য ৷

বিচাৰক মণ্ডলীয়ে যুদ্ধ-বিগ্ৰহৰ বাহিৰে অন্য সকলো ক্ষেত্ৰতে মহিলা কৰ্মচাৰীসকলক স্থায়ী আয়োগ প্ৰদান কৰা উচিত বুলি কয় ৷

মঙলবাৰে সেনাই কৈছিল যে, স্থায়ী আয়োগৰ মহিলা বিষয়াসকলক সেনাৰ দ্বাৰা প্ৰদান কৰা প্ৰতিবন্ধকতাৰ অনুৰূপে সংগঠনৰ আৱশ্যকতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি প্ৰদান কৰা হ'ব ৷

পূৰ্বে, সূত্ৰৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, সেনা বিভাগৰ সকলোবোৰ চৰ্ত সঠিককৈ পালন কৰা মহিলা কৰ্মচাৰীসকলক পেঞ্চন প্ৰদানৰ সপক্ষে থিয় দিছে সেনা বিভাগ ৷

লগতে এই কথাও পূৰ্বে প্ৰকাশ পাইছিল যে, সেনাত মহিলাৰ অন্তৰ্ভূক্তি সুচাৰুৰূপে চলি আছে আৰু এই মহিলাসকলক সংগঠনৰ দ্বাৰা উপযুক্ত বুলি গণ্য কৰা কাৰ্য প্ৰদান কৰা হ'ব ৷

লগতে সেনা বিভাগে উল্লেখ কৰে যে, ব্যক্তিগত আৰু সংগঠনৰ গুৰুত্বতাৰ ওপৰত নিৰ্ভৰ কৰি মহিলাসকলৰ একত্ৰীকৰণৰ বাবে বিভিন্ন ধৰণৰ কৰ্মত নিয়োগ কৰা হ'ব ৷

যোৱা বছৰৰ এপ্ৰিলত, the corps of military police ত নিযুক্তিকৰণৰ বাব অ'নলাইন ৰেজিষ্ট্ৰেছনৰ সুবিধা প্ৰদান কৰি মহিলাক জোৱান হিচাপে সেনাত অন্তৰ্ভূক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল ৷

আৰু পঢ়ক : নতুন কৰ প্ৰণালীৰ 11 খন ৰেহাইৰ তালিকা ৱেবছাইটত প্ৰকাশ পাইছে : বিত্তমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.