নতুন দিল্লী, 3 মে': চলিত মাহত অনুষ্ঠিত হবলগীয়া পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া 7 বজাৰ পৰা আৰম্ভ কৰি 5.30 লৈকে সমাপ্ত কৰা নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷
মে' মাহত আৰম্ভ হ'বলগীয়া মুছলমানসকলৰ পৱিত্ৰ ৰমজান আৰু ৰাজস্থান, বিহাৰ আৰু মধ্যপ্ৰদেশত বৃদ্ধি হোৱা তাপমাত্ৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়য়ে ৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ এখন বিচাৰপীঠে ঘোষণা কৰে এই কথা ৷