ETV Bharat / bharat

সিদ্ধান্ত বাত্ৰাক IIT ত নামভৰ্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ - _iit_for_

মুম্বাইস্থিত IIT ত নামভৰ্তিৰ বাবে সিদ্ধান্ত বাত্ৰাক অনুমতি দিলে উচ্চতম ন্যায়ালয়ে । নামভৰ্তিৰ সময়ত হোৱা ভুলৰ বাবে সিদ্ধান্ত বাত্ৰা IIT ত অধ্যয়ন কৰাৰ পৰা বঞ্চিত হৈছিল ।

মুম্বাইস্থিত IITত নামভৰ্তিৰ বাবে সিদ্ধাৰ্থ বাত্ৰাক অনুমতি দিলে উচ্চতম ন্যায়ালয়ে

author img

By

Published : Dec 9, 2020, 5:49 PM IST

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ: অৱশেষত IIT ত পঢ়াৰ সুযোগ পালে সিদ্ধান্ত বাত্ৰাই । বুধবাৰে মুম্বাইস্থিত IITত নামভৰ্তিৰ বাবে ছাত্ৰগৰাকীক অনুমতি দিয়ে উচ্চতম ন্যায়ালয়ে । নামভৰ্তিৰ প্ৰক্ৰিয়া চলি থকা সময়তে আসন লাভক লৈ ভুল বুজাবুজি হৈছিল আৰু ভুলবশতঃ সিদ্ধান্তে নিজৰ নাম আঁতৰাই আনে । নিজৰ ভুল উপলব্ধি কৰাৰ পিছতে IITত নামভৰ্তিৰ অনুমতি বিচাৰি ন্যায়লয়ত আবেদন জনায় ।

বুধবাৰে সৰ্বোচ্চ আদালতে অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰি সিদ্ধান্ত বাত্ৰাক মুম্বাইস্থিত IITত নামভৰ্তিৰ অনুমতি প্ৰদান কৰে আৰু উত্তৰ হিচাপে শপতনামা দাখিল কৰিবলৈ কয় । পূৰ্বে ছাত্ৰজনৰ নামভৰ্তি এতিয়া সম্ভৱ নহয় বুলি কৈ মুম্বাই উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰিছিল । ইয়াৰ পিছতে সিদ্ধান্তে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । বুধবাৰে ন্যায়াধীশ সঞ্জয় কিষণ কৌলৰ বিচাৰপীঠে জে ই ই এডভান্স পৰীক্ষাত ২৭০ নং স্থানপ্ৰাপ্ত বাত্ৰাক নামভৰ্তিৰ অনুমতি দিয়ে ।

আজি আদালতে পৰ্যবেক্ষণ কৰে যে, ছাত্ৰজনে ভুলবশতঃ নিজৰ আসন হেৰুৱাইছে আৰু IITয়ে ছাত্ৰজনে পুনৰ প্ৰৱেশৰ বাবে চেষ্টা কৰাতো বিচাৰে । ন্যায়াধীশ সঞ্জয় কিষণ কৌলে কয় যে, 'সিদ্ধান্ত বাত্ৰা এগৰাকী মেধাৱী ছাত্ৰ আৰু তেওঁ জে ই ই এডভান্স পৰীক্ষাত ভাল স্থান কৰিবলৈ সক্ষম হৈছে ।' তেওঁৰ প্ৰৱেশত IIT কৰ্তৃপক্ষই বাধা কিয় দিছে সেইবিষয়েও প্ৰশ্ন উত্থাপন কৰে ন্যায়াধীশগৰাকীয়ে ।

IITৰ পক্ষত থকা অধীবক্তাগৰাকীয়ে যুক্তি দৰ্শাই যে, নামভৰ্তি প্ৰক্ৰিয়া ৮টা পৰ্যায়ত হয় । সিদ্ধান্তে আটাইকেইটা পৰ্যায় সম্পূৰ্ণ কৰিছিল আৰু প্ৰত্যাহাৰ পত্ৰও স্বীকাৰ কৰি লৈছিল । আবেদনকাৰীৰ অধিবক্তাই ইয়াৰ উত্তৰত কয় যে, বাত্ৰাই প্ৰথমে আসন লাভ কৰিছে বুলি ভাৱি প্ৰত্যাহাৰ পত্ৰ স্বীকাৰ কৰিছিল । উচ্চতম ন্যায়ালয়ে দুয়োপক্ষৰ পৰা প্ৰতিক্ৰিয়া বিচাৰে আৰু পুনৰীক্ষণৰ পিছত পুনৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰে ।

লগতে পঢ়ক:অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা : অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.