ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ত আবদ্ধ পদত্যাগী বিধায়কৰ ভাগ্য

কৰ্ণাটকৰ কংগ্ৰেছ আৰু জেডিএছ দলৰ পদত্যাগী বিধায়কে কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে অৱমাননাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ৷ এই সন্দৰ্ভত পদত্যাগী বিধায়কসকলৰ স্থিতি স্পষ্ট কৰি উক্ত আবেদনৰ শুনানী ল'বলৈ স্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে ৷

উচ্চতম ন্যায়ালয়
author img

By

Published : Jul 15, 2019, 6:26 PM IST

নিউজ ডেস্ক,15 জুলাইঃ কৰ্ণাটকৰ পাঁচগৰাকীকৈ কংগ্ৰেছী বিধায়কে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানী ল'বলৈ স্বীকাৰ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷ সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে বিষয়টো সন্দৰ্ভত শুনানী গ্ৰহণ কৰিবলৈ স্বীকাৰ কৰাৰ লগতে মঙলবাৰে আবেদনৰ শুনানী গ্ৰহণ কৰিব ৷

বিগত 13 জুলাইত পদত্যাগী বিধায়কসকলে তেওঁলোকৰ পদত্যাগপত্ৰ গ্ৰহণ নকৰাৰ বাবে ৰাজ্যখনৰ বিধানসভা অধ্যক্ষৰ বিৰুদ্ধে সৰ্বোচ্চ আদালতৰ দ্বাৰস্থ হৈছিল ৷ উল্লেখ্য যে,12 জুলাইত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰক বিধায়কৰ পদত্যাগ পত্ৰ সন্দৰ্ভত অহা 16 জুলাইলৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ তাৰ পৰৱৰ্তী সময়তে বিধায়ক আনন্দ সিং, কে সুধাকৰ,এন নাগৰাজ,মুনীৰত্না আৰু ৰোচন বাগে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ তেওঁলোকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল ৷

সেই অনুসৰিয়ে অহাকালি অৰ্থাৎ 16 জুলাইত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে উক্ত বিষয়ত শুনানী গ্ৰহণ কৰিব ৷

Intro:Body:

SC agrees to hear plea submitted by K'taka rebel MLAs

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.