ETV Bharat / bharat

চৌদি আৰৱে বাতিল কৰিলে হামজা বিন লাডেনৰ নাগৰিকত্ব

সন্ত্ৰাসবাদক উদ্গনি দিয়াৰ অপৰাধত চৌদি আৰৱে প্ৰদান কৰা নাগৰিকত্ব বাতিল 'মষ্ট ৱাণ্টেড' সন্ত্ৰাসবাদীজনৰ

author img

By

Published : Mar 2, 2019, 1:16 PM IST

etv bharat

হামজা বিন লাডেনৰ নাগৰিকত্ব বাতিল চৌদি আৰৱৰ। সন্ত্ৰাসবাদী সংগঠন অল-কায়দাক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসত লিপ্ত হৈ আছে ওচামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেন। সন্ত্ৰাসবাদক উজ্জীৱিত কৰাৰ অপৰাধতেই শুকুৰবাৰে চৌদি আৰৱে প্ৰদান কৰা নাগৰিকত্ব বাতিল কৰা হয় 'মষ্ট ৱাণ্টেড' সন্ত্ৰাসবাদীজনৰ।

নৱেম্বৰ মাহতেই হামজা বিন লাডেনৰ নাগৰিকত্ব বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দেশখনে । আমেৰিকা যুক্তৰাষ্ট্ৰই হামজাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ মৰ্যাদা প্ৰদান কৰি শিৰৰ মূল্য ১ মিলিয়ন ডলাৰ ধাৰ্য কৰাৰ পাচতেই চৌদি আৰৱে বাতিল কৰিছে হামজাৰ নাগৰিকত্ব । আমেৰিকাই লাডেনৰ পুত্ৰৰ শিৰৰ মূল্য ১ মিলিয়ন ডলাৰ ধাৰ্য কৰাৰ কথা বৃহস্পতিবাৰে বিশ্ববাসীক অৱগত কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনৈতিক নিৰাপত্তা বিভাগৰ সহকাৰী সচিব মিচেল টি ইভানফে ।

এক সংবাদমেলত এই কথা প্ৰকাশ কৰি সহকাৰী সচিবগৰাকীয়ে উল্লেখ কৰে যে, হামজা বিন লাডেনৰ নেতৃত্বত শক্তিশালী হৈ উঠিছে অল-কায়দা। ওচামা বিন লাডেনৰ মৃত্যুৰ পাচত দুৰ্বল হৈ পৰা অল-কায়দাক পুনৰ শক্তিশালী কৰিবলৈ বিভিন্ন কূটাঘাতমূলক কাৰ্যপন্থা হাতত লৈছে লাডেনৰ পুত্ৰ হামজাই । আমেৰিকাৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যপন্থা হাতত ল'বলৈ হামজা বিন লাডেনে ইণ্টাৰনেট যোগে নিজৰ অনুৰাগীলৈ বাৰ্তা প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে মিচেল টি ইভানফে।

undefined

Saudi Arabia revokes citizenship of Osama bin Laden’s son

চৌদি আৰৱে বাতিল কৰিলে হামজা বিন লাডেনৰ নাগৰিকত্ব

নিউজ ডেস্ক, ২ মাৰ্চঃ হামজা বিন লাডেনৰ নাগৰিকত্ব বাতিল চৌদি আৰৱৰ। সন্ত্ৰাসবাদী সংগঠন অল-কায়দাক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসত লিপ্ত হৈ আছে ওচামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেন। সন্ত্ৰাসবাদক উজ্জীৱিত কৰাৰ অপৰাধতেই শুকুৰবাৰে চৌদি আৰৱে প্ৰদান কৰা নাগৰিকত্ব বাতিল কৰা হয় 'মষ্ট ৱাণ্টেড' সন্ত্ৰাসবাদীজনৰ।

নৱেম্বৰ মাহতেই হামজা বিন লাডেনৰ নাগৰিকত্ব বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দেশখনে । আমেৰিকা যুক্তৰাষ্ট্ৰই হামজাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ মৰ্যাদা প্ৰদান কৰি শিৰৰ মূল্য ১ মিলিয়ন ডলাৰ ধাৰ্য কৰাৰ পাচতেই চৌদি আৰৱে বাতিল কৰিছে হামজাৰ নাগৰিকত্ব । আমেৰিকাই  লাডেনৰ পুত্ৰৰ শিৰৰ মূল্য ১ মিলিয়ন ডলাৰ ধাৰ্য কৰাৰ কথা বৃহস্পতিবাৰে বিশ্ববাসীক অৱগত কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনৈতিক নিৰাপত্তা বিভাগৰ সহকাৰী সচিব মিচেল টি ইভানফে ।

এক সংবাদমেলত এই কথা প্ৰকাশ কৰি সহকাৰী সচিবগৰাকীয়ে উল্লেখ কৰে যে, হামজা বিন লাডেনৰ নেতৃত্বত শক্তিশালী হৈ উঠিছে অল-কায়দা। ওচামা বিন লাডেনৰ মৃত্যুৰ পাচত দুৰ্বল হৈ পৰা অল-কায়দাক পুনৰ শক্তিশালী কৰিবলৈ বিভিন্ন কূটাঘাতমূলক কাৰ্যপন্থা হাতত লৈছে লাডেনৰ পুত্ৰ হামজাই । আমেৰিকাৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যপন্থা হাতত ল'বলৈ হামজা বিন লাডেনে ইণ্টাৰনেট যোগে নিজৰ অনুৰাগীলৈ বাৰ্তা প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে মিচেল টি ইভানফে।
laden.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.