নিউজ ডেস্ক, ১১ জুনঃ ৰাইজৰ বাবে খোলা নহয় কেৰালাৰ বিখ্যাত সবৰীমালা মন্দিৰ। লগতে,বাতিল কৰা হয় সবৰিমালা মন্দিৰত অনুষ্ঠিত হ'বলগীয়া উৎসৱ । কেৰালাৰ দেৱাশ্বম মন্ত্ৰী কাডাকামপল্লী সুৰেন্দ্ৰনে প্ৰকাশ কৰে এই কথা।
![Sabarimala Temple won't be open for public: Kadakampally Surendran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:17_kadakampallysurendran_june111591868518046-27_1106email_1591868529_339.jpg)
সবৰিমালা তান্ত্ৰী আৰু দেৱাশ্বম ব'ৰ্ডৰ মাজত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মন্ত্ৰী কাডাকামপল্লী সুৰেন্দ্ৰনে প্ৰকাশ কৰে । বুধবাৰে দেৱাশ্বম ব'ৰ্ডৰ সভাপতি এন ৱাচুই ১৯ জুনৰ পৰা মালায়েলাম কেলেণ্ডাৰ অনুসৰি মিধুনম মাহত কৰা 'মিধুনামাছা পূজা'ৰ লগতে সৰবীমালা মন্দিৰত উৎসৱ আৰম্ভ হ'ব বুলি কৰা মন্তব্যৰ পাছতে এই ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
দেৱাশ্বম ব'ৰ্ডৰ সভাপতি এন ৱাচুই উল্লেখ কৰা অনুসৰি ১৯ জুনত সৰবীমালা মন্দিৰত উৎসৱ আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ১৪ জুনৰ পৰা 'মিধুনামাছা পূজা' আৰম্ভ হ'ব । লগতে ২০ জুনত পাম্পা নদীত আৰতী অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি এন ৱাচুই উল্লেখ কৰে।
লগতে চাওকঃ বৰ্তমানো কৰ'ণা ভাইৰাছৰ প্ৰকোপ নিৰ্মূল হোৱা নাই: বিশ্ব স্বাস্থ্য সংস্থা