নিউজ ডেস্ক, ৩ মাৰ্চ : আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত বাতিল যুটীয়া বাৰ্ষিক সামৰিক অনুশীলন। কোৰিয়াৰ পাৰমাণৱিক শক্তিৰ অপসাৰণৰ চুক্তি বাহাল ৰাখিবলৈ সামৰিক অনুশীলন বাতিল কৰিছে দুয়োখন দেশে।
দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী জিঅং কেয়ং ডু আৰু আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পেট্ৰিক চানাহানৰ মাজত হোৱা এক টেলিফোনিক বাৰ্তালাপত এই সিদ্ধান্ত গ্ৰহণ কৰে দেশ দুখনে। কোৰিয়ান প্ৰান্তত পাৰমাণৱিক শক্তিৰ অপসাৰণ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ মাজত সম্পন্ন হোৱা হানৈ সন্মিলনৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই।