ETV Bharat / bharat

শীঘ্ৰেই ভাৰতে লাভ কৰিব S-400 এয়াৰ ডিফেন্স ক্ষেপনাস্ত্ৰ

author img

By

Published : Jan 18, 2020, 8:50 AM IST

Updated : Jan 18, 2020, 11:58 AM IST

নতুন দিল্লীত অনুষ্ঠিত হোৱা 19তম ভাৰত-ৰাছিয়া বাৰ্ষিক দ্বিপাক্ষিক সন্মিলনত নতুন দিল্লীয়ে ৰাছিয়াৰ সৈতে S-400 মিছাইল প্ৰতিৰক্ষা প্ৰণালী কিনিবৰ বাবে 5.43 বিলিয়ন ডলাৰ চুক্তিত হস্তাক্ষৰ কৰিছিল ৷

5 S400 air defence
এচ 400 বিমান প্ৰতিৰক্ষা

নেশ্বনেল ডেস্ক, 18 জানুৱাৰীঃ শীঘ্ৰেই ভাৰতে লাভ কৰিব ৰাছিয়াৰ অতিকে উন্নত S-400 এয়াৰ ডিফেন্স ক্ষেপনাস্ত্ৰ প্ৰতিৰক্ষা প্ৰনালী ৷ 2025 চনৰ ভিতৰত ভাৰতে ৰাছিয়াৰ পৰা লাভ কৰিব ক্ষেপনাস্ত্ৰ প্ৰণালীটোৰ 5টাকৈ ৰেজিমেন্ট ৷ এই কথা প্ৰকাশ কৰিছে ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত ৰোমান বাবুস্কিনে ৷ নতুন দিল্লীত অনুষ্ঠিত হোৱা এক দ্বিপাক্ষিক আলোচনাচক্ৰত ভাৰত আৰু ৰাছিয়া উভয়পক্ষই S-400 ক্ষেপনাস্ত্ৰ প্ৰনালীৰ ওপৰত আলোকপাত কৰি চুক্তি অনুসৰি, নিৰ্ধাৰিত সময়ৰ ভিতৰতে ভাৰতে S-400 ক্ষেপনাস্ত্ৰ প্ৰনালীটো লাভ কৰিব বুলি কয় ৰাছিয়ান ৰাষ্ট্ৰদূতগৰাকীয়ে ৷ তেওঁ লগতে উল্লেখ কৰে যে, ৰাছিয়াৰ হাতত থকা উন্নতমানৰ প্ৰতিৰক্ষা প্ৰনালীটোৱে ভাৰতৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটোক অধিক শক্তিশালী কৰি তুলিব ৷

লগতে পঢ়ক - বৰ্তমান মানুহৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছেঃ কনকসেন ডেকা

উল্লেখ্য যে, 2018 চনৰ 5 অক্টোবৰ তাৰিখে 5.43 বিলিয়ন ডলাৰৰ বিনিময়ত S-400 ক্ষেপনাস্ত্ৰ প্ৰনালীৰ ওপৰত দ্বিপাক্ষিক চুক্তি সম্পন্ন কৰিছিল ৷

Intro:Body:

zx

Conclusion:
Last Updated : Jan 18, 2020, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.