ETV Bharat / bharat

উত্তৰ প্ৰদেশত কৰায়ত্ত ৰোহিংগীয়া মূলৰ ব্যক্তি - পাৰপত্ৰ

ম্যানমাৰৰ নাগৰিক আজিজুল হকক কবীৰ নগৰ জিলাত আটক কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ আৰক্ষীয়ে তথ্য লাভ কৰা অনুসৰি, জিলাখনত অবৈধভাৱে ৰোহিংগীয়া সম্প্ৰদায়ৰ লোকে বাস কৰি আহিছে ৷ সোধ-পোছৰ অন্তত আজিজুলে সিদ্ধাৰ্থ নগৰ জিলাত 2002 চনৰে পৰা বাস কৰি অহা বুলি আৰক্ষীক অৱগত কৰে ৷

Rohingya man of Myanmar origin arrested in UP's Sant Kabir Nagar: ADG
উত্তৰ প্ৰদেশত কৰায়ত্ত ৰোহিংগীয়া মূলৰ ব্যক্তি: উত্তৰ প্ৰদেশ আৰক্ষী
author img

By

Published : Jan 7, 2021, 9:42 AM IST

Updated : Jan 7, 2021, 10:26 AM IST

লক্ষ্নৌ,7 জানুৱাৰী: উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থাই সন্ত্ৰাসবাদ ৰোধ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে পাৰপত্ৰ নাইবা পাছপ’ৰ্ট পৰীক্ষাৰ কাম ৷ এই পাৰপত্ৰসমূহৰ ভিতৰত দুগৰাকী ব্যক্তিৰ পৰিচয় ভূৱা প্ৰমাণিত হোৱাত ব্যক্তি দুগৰাকীৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ এই সন্দৰ্ভত বিগত 18 বছৰে ৰাজ্যখনৰ সন্ত কবীৰ নগৰ জিলাত বাস কৰি অহা আজিজুল হক নামৰ এগৰাকী ৰোহিংগীয়া সম্প্ৰদায়ৰ ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ব্যক্তিগৰাকীক আটক কৰাৰ মূলতে হৈছে জিলাখনত বহুসংখ্যক ৰোহিংগীয়া সম্প্ৰদায়ৰ লোকে অবৈধভাৱে দীৰ্ঘদিনৰ পৰা বাস কৰি আহিছে ৷ এই কথা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) প্ৰশান্ত কুমাৰে ৷

এই অভিযানৰ সময়ছোৱাত আজিজুলে এই ভুৱা পাৰপত্ৰৰ জৰিয়তে ৰেচন কাৰ্ড, মাৰ্কশ্বীট আৰু এখন প্ৰাথমিক বিদ্যালয়ৰ ট্ৰান্সফাৰ চাৰ্টিফিকেট সংগ্ৰহ কৰা বুলি শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে ৷

ৰাজ্যখনৰ সন্ত কবীৰ নগৰ জিলাৰ বাসিন্দা বদৰে আলমৰ পুত্ৰ আজিজুল্লাহ নামেৰে বহু তথ্যত নিজৰ পৰিচয় দাঙি ধৰিছিল ৷ তদুপৰি ব্যক্তিগৰাকীৰ পাৰপত্ৰত উল্লেখ থকা অনুসৰি এই যাত্ৰা আছিল চৌদি আৰৱ আৰু বাংলাদেশৰ ৷ 2017 চনত ব্যক্তিগৰাকীয়ে নিজ মাতৃ, ভগ্নী আৰু দুজন ভাতৃক অবৈধ ৰূপত ৰাজ্যখনলৈ আহে আৰু ভুৱা পৰিচয় পত্ৰ তৈয়াৰ কৰি লয় ৷

ভূৱা তথ্য প্ৰদান কৰি আজিজুলে খোলা বেংক একাউণ্টতো নগদ ধনৰাশি জমা কৰি আহিছিল ৷ এই একাউণ্টৰ বিষয়েও অনুসন্ধান কৰা হ’ব বুলি আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে ব্যক্ত কৰে ৷ তদুপৰি আজিজুলৰ সহযোগী সকলৰ সন্ধানত ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থাই আন ৰাজ্যৰ আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ তদুপৰি আন ৰাজ্যৰ আৰক্ষীয়ে প্ৰদান কৰা তথ্যৰ ভিত্তিত অব্যাহত ৰখা হৈছে অনুসন্ধান ৷ আৰক্ষীৰ জেৰাৰ সময়ত ব্যক্তিগৰাকী 2002 চনৰ পৰা জিলাখনত বাস কৰি অহা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, আৰক্ষীয়ে ব্যক্তিগৰাকীৰ ঘৰৰ পৰা দুখন ভাৰতীয় পাৰপত্ৰ, তিনিখন আধাৰ কাৰ্ড, এখন পান কাৰ্ড, ম্যানমাৰৰ এখন ৰেচন কাৰ্ড আৰু বেংক একাউণ্টৰ পাঁচখনকৈ পাছবুক জব্দ কৰিছে ৷

লগতে চাওকঃ উইলছন হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ NIAৰ

Last Updated : Jan 7, 2021, 10:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.