নিউজ ডেস্ক, 27 আগষ্টঃ চেন্নাইস্থিত সেনাৰ পল্লাভৰম মিলিটাৰী ষ্টেচনত মঙলবাৰে সংঘটিত হয় অঘটন ৷ ষ্টেচনটোত কৰ্মৰত এগৰাকী সেনা জোৱানৰ গুলীত নিহত হয় এগৰাকী জ্যেষ্ঠ হাবিলদাৰ ৷ সোমবাৰে নিশাৰ ভাগত সামান্য কথাতে দুয়োগৰাকী সেনাৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটিছিল ৷ উক্ত কাজিয়াৰ পৰিণতিতে সেনা জোৱান ৰাইফলমেনগৰাকীয়ে নিজা ছাৰ্ভিছ গুলীয়াই হত্যা কৰে নিজৰ জ্যেষ্ঠ হাবিলদাৰগৰাকীক ৷
নিহত হাবিলদাৰজন প্ৰবীন কুমাৰ যোশী বুলি জনাইছে সেনাৰ সূত্ৰই ৷ নিজৰ পৰিয়ালৰ সৈতে মিলিটাৰী ষ্টেচনটোত থকা যোশী উত্তৰাখণ্ডৰ বাসিন্দা আছিল ৷ আনহাতে হাবিলদাৰ যোশীক গুলীয়াই হত্যা কৰা ৰাইফলমেনগৰাকী যাখটিৰ বুলি জনাইছে সেনাই ৷ হাবিলদাৰ যোশীক নিজৰ কোৱাৰ্টাৰত গুলীয়াই হত্যা কৰাৰ পিচত নিজেও মুৰত গুলীয়াই আত্মহত্যা কৰে ৰাইফলমেন যাখটিৰে ৷
ইতিমধ্যে সেনাই দুয়োগৰাকীৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত সেনাই স্থানীয় পল্লাভৰম আৰক্ষী চকীত এক গোচৰ ৰুজু কৰাৰ উপৰিও নিজাৱবীয়াকৈ তদন্ত আৰম্ভ কৰিছে ৷