ETV Bharat / bharat

COVID 19: জাতীয় দায়িত্ব পালন কৰিলে হায়দৰাবাদ বিমান বন্দৰে

author img

By

Published : Apr 8, 2020, 4:46 PM IST

জি এম আৰ-ৰ দ্বাৰা পৰিচালিত হায়দৰাবাদৰ ৰাজীৱগান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে পালন কৰিছে জাতীয় দায়িত্ব । দেশৰ সংকটৰ সময়ত সাহায্য বিতৰণৰ বাবে উৰুৱালে বিশেষ সাহাৰ্য বিমান ।

COVID 19: জাতীয় দায়িত্ব পালনত হায়দৰাবাদ বিমান বন্দৰ

নিউজ ডেস্ক, 8 এপ্ৰিলঃ কৰ'ণা ভাইৰাচে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আছে । প্ৰায় সকলোতেই স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন । তেনে সময়তে ভাৰত ৰাষ্ট্ৰই COVID -19 সংক্ৰমণ ৰোধৰ বাবে লোৱা ব্যৱস্থাক সমৰ্থন কৰি সাহায্য প্ৰদান আৰু উদ্ধাৰৰ বাবে উৰণত সহায় কৰিছে জি এম আৰ-ৰ দ্বাৰা পৰিচালিত হায়দৰাবাদৰ ৰাজীৱগান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে ।

আজি, বিমানবন্দৰটোৱে লক ডাউনত আবদ্ধ হৈ থকা আমেৰিকাৰ লোকক উদ্ধাৰৰ বাবে চাৰ্টাৰ্ড বিমান উৰুৱাই । উৰণ যাত্ৰাৰ কাৰ্যক্ৰম অনুসৰী এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান AI 1617(আগমন)/ AI 1618 (প্ৰস্থান) ৰ বাবে A-320 এয়াৰ বাছ এখন হায়দৰাবাদত 3.12 বজাত মোম্বাইৰ পৰা আহি ভূমিস্থ হয় । ইয়াৰ পিচত আমেৰিকাৰ নাগৰিকক সৈ পুনৰ আবেলি 4.15 ত প্ৰস্থান কৰে ।

জাতীয় দায়িত্ব পালনত হায়দৰাবাদ বিমান বন্দৰ

এই বিমানখন সম্পূৰ্ণ ঘৰুৱা আৰু হায়দৰাবাদ বিমান বন্দৰৰ মুখ্য যাত্ৰী টাৰ্মিনেল বিল্ডিংৰ পৰাই নিয়ন্ত্ৰণ কৰা হয় । তাৰ পিচত বিমান খনে মোম্বাইত গৈ ডেল্টা এয়াৰলাইনচৰ লগত সংযোগী হৈ অন্তিম লক্ষ্যস্থান আমেৰিককালৈ যায় ।

সমূহ যাত্ৰীকে মুখ্য যাত্ৰী টাৰ্মিনেল বিল্ডিংত চেনিটাইজ কৰা হয় । আমেৰিকা দূতাবাস আৰু টেলেংগানা চৰকাৰৰ সহযোগীতাত 98 গৰাকী প্ৰাপ্তবয়স্ক আৰু 1 টা শিশুক বিভিন্ন স্থানৰ পৰা বিমান বন্দৰলৈ অনা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.