ETV Bharat / bharat

কোভিডৰ সময়ত যোগৰ মাধ্যমেৰে সুস্থ্য কৰি ৰাখক নিজকে - যোগ আৰু কোভিড

যোগ দিৱসৰ সৈতে সংগতি ৰাখি বৈজ্ঞানিক গৱেষণা বিভাগ, কাইভাইল্লাধাম যোগ প্ৰতিষ্ঠানৰ উপ সঞ্চালক ডাক্তৰ সতীশ দি পাঠকৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰকাশ কৰা হৈছে ৷ তেওঁ ইয়াক COVID-19 ৰ সময়ত যোগৰ উপকাৰিতা আৰু কেতবোৰ নিয়মৰ বিষয়ে সূক্ষ্ম বিশ্লেশণ আগবঢ়াইছে ৷

কোভিডৰ সময়ত যোগৰ মাধ্যমেৰে সুস্থ্য কৰি ৰাখক নিজকে

author img

By

Published : Jun 21, 2020, 6:52 AM IST

সমগ্ৰ বিশ্বকেই COVID-19ৰ শংকাই ছানি ধৰিছে ৷ এই সময়তে যোগ দিৱসৰ সৈতে সংগতি ৰাখি ইটিভি ভাৰতৰ "সুখীভৱ"ই কথা পাতিছিল বৈজ্ঞানিক গৱেষণা বিভাগ, কাইভাইল্লাধাম যোগ প্ৰতিষ্ঠানৰ উপ সঞ্চালক ডাক্তৰ সতীশ দি পাঠক, (M.S, F.C.P.S, M.N.A.M.S)ৰ সৈতে ৷ তেওঁৰ লগত হোৱা কথা বতৰাত যোগে কেনেদৰে হাওঁফাওঁ আৰু উশা-নিশা পৰিষ্কাৰ কৰাত সহায় কৰে সেই বিষয়ে আলোচনা কৰা হৈছে ৷

ডাঃ পাঠকে কয় যে, যোগে নিশ্বাসত সহায় কৰাৰ লগতে হাওঁফায়ো শক্তিশালী কৰে, হজম শক্তি বৃদ্ধি কৰে, তেজৰ চলাচল মসৃণ কৰে, হাড়ৰ গঠন আৰু মাংসপেসীও শক্তিশালী কৰে ৷ তেওঁ লগতে বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰো উত্তৰ প্ৰদান কৰে যি সমূহ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় ৷

  • যোগ কৰিবৰ বাবে আটাইতকৈ অধিক ভাল সময় কোনটো?

সাধাৰণতে পুৱা 4.30 ৰ পৰা 6.30 বজাৰ সময়খিনি অথবা 4-5 ঘন্টা যেতিয়া পেট খালী থাকে আৰু সেই সময়খিনিত শক্তিৰ স্তৰ শিখৰত থাকে ৷ ইয়াৰ জৰিয়তে অধিকতম লাভ আদায় কৰিব পাৰি ৷ যদি এই সময়চোৱাত সম্ভৱ নহয়, তেন্তে সন্ধিয়াৰ ভাগত কাৰ্যালয়ৰ পৰা অহাৰ পাচত খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে এবাৰ কৰিব পাৰে ৷

যি সকলে সময় নাপায় তেওঁলোকে অন্তত অনুলম বিলম, গায়ত্ৰী আৰু ঔমকাৰ আৰু উজ্জ্বয়ী, উশাহৰ চৰ্চা কৰা উচিত ৷ লগতে শাস্ত্ৰত থকা গায়ত্ৰী মন্ত্ৰয়ো উচ্চাৰণ কৰাটো প্ৰয়োজনীয়, কিয়নো গায়ত্ৰী মন্ত্ৰ জপ কৰোতে মস্তিষ্কৰ কিছু গুৰুত্বপূৰ্ণ অংশক উত্তেজিত কৰে , যি সমূহ সু-স্বাস্থ্য এটা গঢ়ি তোলাত সহায়ক হয় ৷

  • কপালভাটিৰ কাৰনে প্ৰয়োজনীয় সময় কিমান ? কোনে এইটো কৰা উচিত নহয় ?

কপালভাটি নিজৰ ক্ষমতা অনুসৰি কৰিব লাগে, কিন্তু সৰ্বাধিক সময়ৰ পৰিসীমা 100 মিনিটৰ পৰা 120 মিনিটলৈ ৷ যি সকলৰ বায়পাছ চাৰ্জাৰী, পেচৰ অস্ত্ৰোপ্ৰছাৰ, উচ্চ ৰক্তচাপ, হার্নিয়া, পিঠিৰ সমস্যা, যাৰ ডাঙৰ হাৰ্ট এটেক হৈছে, গ্লাউকমা আছে, গৰ্ভাৱতী মহিলা, এনে লোক সকলে কৰাটো উচিত নহয় ৷

মন কৰিব যে, যোগ চৰ্চাহে, ই ব্যাম নহয় ৷ ইয়াক এটা সময়ৰ ভিতৰত ধীৰে ধীৰে লোক জনৰ ক্ষমতা অনুসৰী উন্নত কৰা হয় ৷ যোগক কেতিয়াও কচৰৎ হিচাবে বিবেচনা কৰাটো উচিত নহয় ৷ যোগ সদায় চৰ্চা কৰিলে শৰীৰ কেতিয়াও দুৰ্বল নহয় বা জৰাজীৰ্ণ নহয়, বৰঞ্চ উজ্বলতাহে বঢ়ায় ৷

  • যোগ বা আসনৰ বাবে কোনো নিৰ্দিষ্ট অণুক্ৰম আছে নেকি? শুদ্ধ অনুশীলন কি ?

ঘৰৰ পৰা দৌৰি গৈ অথৱা হঠাতে ভাগৰুৱা অনুভৱ কৰিলে যোগ কৰিব নালাগে ৷ শৰীৰটো শীতল হ'ব দি কাষৰ পৰিৱেশৰ লগত মিলিব দিব লাগে আৰু তাৰ পাচত শুই ধীৰে ধীৰে 5 মিনিটৰ বাবে "সাভাসন" কৰিব লাগে ৷

যোগ আৰু কোভিড- "ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্তাই ৰাখক আৰু আমাৰ শ্বাস প্ৰশ্বাসৰ স্বাস্থ্য শক্তিশালী কৰক"

কৰ'ণা ভাইৰাছ আমাৰ দেহত প্ৰৱেশ কৰে নাকেৰে আৰু ই শ্বাস-প্ৰশ্বাসৰ যন্ত্ৰক প্ৰভাৱান্বিত কৰে ৷ লক্ষণ সমূহৰ ভিতৰত প্ৰথমে নাকেৰে পানী ওলাই থকা, গোন্ধ নোপোৱা, ডিঙিত অস্বস্তি লাগি থকা, শুকান কাহ আনকি যদি মোকাবিলা কৰিব নোৱাৰে তেন্তে ই শ্বাসনলীত প্ৰৱেশ কৰে আৰু উশাহ নিশাহ লোৱাত জটিলতাৰ সৃষ্টি কৰে আৰু পাচত হাওঁফাওঁত প্ৰৱেশ কৰি নিমোনীয়াৰ সৃষ্টি কৰে ৷ সেয়ে আমি নাক আৰু শ্বাসনলীৰ মিউকাশ স্তৰক শক্তিশালী কৰিব লাগে যাতে ভাইৰাছ জীৱিত হৈ নাথাকে ৷ দৈনিক জাল নেতি, উজ্জ্বায়ি, কপালভাটি আৰু সিংহ মুদ্ৰাৰ চৰ্চাৰ জৰিয়তে ইয়াত উপনীত হ'ব পাৰি ৷ ই নাক আৰু হাওঁফাওঁৰ মাজৰ অংশ সমূহক শক্তিশালী কৰে ৷ এই ধৰণে স্থানীয় প্ৰতিৰক্ষা লাভ কৰিব পাৰি ৷

ইয়াৰ পাচত, লক ডাউন প্ৰত্যাহাৰ হ'লে মানসিক স্তৰত প্ৰতিৰোধ , আমি বাহিৰলৈ যাবলৈ আৰম্ভ কৰিছো আৰু ভয় খাইছো কাষত থকা মানুহজন ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ আছো নেকি বুলি ? ই শংকা আৰু উদ্বেগৰ সৃষ্টি কৰিছে ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি দৈনিক "ক্ৰিয়া যোগ" কৰিব লাগিব ৷ ই আমাৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰে আৰু এই ভয়ক পৰাস্ত কৰে ৷

আমি যদি সূক্ষ্মভাৱে আত্মবিশ্লেষণ কৰো, আমি অনুভৱ কৰিম যে আমি প্ৰকৃতিৰ নিয়মৰ বিপৰীতে গৈ আছো আৰু ইয়ে এক পথ য'ত প্ৰকৃতিয়ে আমাক প্ৰাকৃতিকভাৱে এই সমূহ কাম কৰিবলৈ দেখুৱাইছে ৷ লকডাউনে আমাক "প্ৰাকৃতিক ভেন্টেলেটৰ"ত ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে, ঘৰতে ৰন্ধা বঢ়া, পৰিয়ালৰ সদস্যক যথেষ্ট সময় দিয়া, পৰিয়ালৰ সৈতে বান্ধোনৰ সৃষ্টি কৰিলে ৷ দ্বিতীয়তে, আমাৰ হাবিয়াস সমূহ পূৰাবলৈ সময় দিলে, যাৰ বাবে আমি কেতিয়াও সময় দিয়া নাছিলোঁ ৷

পশ্চিমীয়া দেশ সমূহেও হাত মিলোৱাৰ সলনি নমস্কাৰ প্ৰদান কৰা আৰম্ভ কৰিছে ৷ বিশ্বৰ প্ৰেক্ষাপতত মন কৰিলে আমি দেখিম যে ভাৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে, কিন্তু মৃত্যুৰ সংখ্যা তেনেই নগণ্য ৷ ইয়াৰ কাৰণ হৈছে আমাৰ জীৱণ ধাৰণ বহু পৃথক, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি যিহেতু আমি এতিয়াও আমাৰ সংস্কৃতি আৰু পৰম্পৰা বৰ্তাই ৰাখো ৷

সেয়েহে এইটো বহুটো গুৰুত্বপূৰ্ণ যে, আমি প্ৰকৃতিৰ নিয়ম সমূহ পালন কৰিব লাগে যাতে কোভিডৰ দৰে ৰোগে আমাক প্ৰভাৱিত কৰিব নোৱাৰে ৷

লগতে পঢ়কঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.