ETV Bharat / bharat

বন্ধ হ’ব মেঘালয়ৰ কয়লাখনিত উদ্ধাৰ অভিযান - rescue

প্ৰায় চাৰিমাহৰ অন্তত বন্ধ হ’ব মেঘালয়ৰ কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান ৷ শ্ৰমিকসকলৰ পৰিয়ালৰ অনুৰোধমৰ্মে দীৰ্ঘদিনীয়া অভিযান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বন্ধ হ’ব মেঘালয়ৰ কয়লাখনিত উদ্ধাৰ অভিযান
author img

By

Published : Apr 20, 2019, 10:59 AM IST

নতুন দিল্লী, 20 এপ্ৰিলঃ মেঘালয়ৰ কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে চাৰিমাহ জুৰি অব্যাহত আছিল উদ্ধাৰ অভিযান ৷ দীৰ্ঘদিনীয়া অভিযানৰ অন্ততো কোনো শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত অৱশেষত শ্ৰমিকসকলৰ পৰিয়ালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাক অভিযান বন্ধ কৰাবলৈ অনুৰোধ জনায় ৷ লগতে, ৰাজ্যখনৰ পূব জয়ন্তীয়া জিলাৰ কয়লা খনিটোত অব্যাহত ৰখা উদ্ধাৰ অভিযান বন্ধ কৰাৰ বিষয়টোৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

প্ৰাপ্ত তথ্য অনুসৰি, খনিটোৰ ভিতৰৰ পানীৰ পৰিমানৰ বাবে উদ্ধাৰ অভিযান চলোৱাতো যথেষ্ট অসুবিধাজনক হৈ উঠিছে ৷ ইয়াৰোপৰিও, পানীখিনিত এচিড মিহলি হৈ থকাৰ বাবে দেশসমূহ ক্ষত বিক্ষত হৈ পৰা বুলিও প্ৰকাশ কৰে অভিযানকাৰী দলটোৱে ৷

এই সন্দৰ্ভত জেষ্ঠ সাংবাদিক চি কে নায়কে কয় যে, চাৰিমাহৰ অভিযানত অভিযানকাৰী দলটোৱে মাত্ৰ দুগৰাকী শ্ৰমিকৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ নৌবাহিনীয়ে বিশেষ সংকেত যন্ত্ৰেৰে পানীৰ তলত আন তিনিটা দেহৰ উমান পাইছে যদিও এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব পৰা নাই ৷ ক্ষত বিক্ষত হৈ পৰা দেহবোৰ উদ্ধাৰ কৰিলেও পৰিয়ালে লোকসকলক চিনাক্ত কৰাতো অসম্ভৱ ৷

তেওঁ লগতে কয়, উদ্ধাৰ অভিযানৰ বাবে বহুকেইগৰাকী উদ্ধাৰকাৰীৰক নিয়োগ কৰিবলগীয়া হৈছে ইয়াৰোপৰিও, এই অভিযানটোত অধিক ব্যয়বহুল হৈ পৰাৰ বাবেও এই উদ্ধাৰ অভিযানটো ইমানতে সামৰাৰ কথা ভাবিছে মেঘালয় চৰকাৰে ৷ লগতে, পৰিয়ালৰ লোকসকলেও এই অভিযান স্থগিত কৰিবলৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাক অনুৰোধ কৰিছে ৷

Rescue operation in Meghalaya coal mine to be stopped

বন্ধ হ’ব মেঘালয়ৰ কয়লাখনিত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান

প্ৰায় চাৰিমাহৰ অন্তত স্তব্ধ হ’ব মেঘালয়ৰ কয়লাখনিত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান ৷ শ্ৰমিকসকলৰ পৰিয়ালৰ অনুৰোধ মৰ্মে দীৰ্ঘদিনীয়া অভিযান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.