ETV Bharat / bharat

অৰুণ জেটলীৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা - etv bharat

টুইটাৰ যোগে শোক ব্যক্ত কৰিলে ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন জনে

অৰুণ জেটলীৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা
author img

By

Published : Aug 24, 2019, 5:50 PM IST

নিউজ ডেস্ক,24 আগষ্টঃ এইমছত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত শনিবাৰে দিনৰ 12.07 বজাত শেষ নিশ্বাস ত্যাগ কৰে দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে ৷ জেষ্ঠ নেতা গৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশৰ জনতা ৷

অৰুণ জেটলীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ফ্ৰান্স ভ্ৰমণত থকা প্ৰধানমন্ত্ৰীয়ে অৰুণ জেটলীৰ মৃত্যুৰ পাচত কেইবাটাও টুইট কৰা পৰিলক্ষিত হয় ৷ দেশৰ জৰুৰীকালীন অৱস্থাত অৰুণ জেটলীয়ে লোৱা ভূমিকাক শ্ৰদ্ধাৰে সুঁৱৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

etv bharat
অৰুণ জেটলীৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা

অৰুণ জেটলীৰ মৃত্যু দেশৰ সমাজ জীৱন আৰু বৌদ্ধিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলি টুইটাৰ যোগে প্ৰকাশ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

etv bharat
অৰুণ জেটলীৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা

অৰুণ জেটলীৰ মৃত্যুৰ খবৰ লাভ কৰি হায়দৰাবাদ ভ্ৰমণ আধাতে সামৰি দিল্লীলৈ উভতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ চৰকাৰ আৰু দলৰ বাবে অৰুণ জেটলীয়ে কৰা ত্যাগক শ্ৰদ্ধাৰে সুঁৱৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷

etv bharat
অৰুণ জেটলীৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা

অৰুণ জেটলীৰ মৃত্যুত মই মোৰ জেষ্ঠ ভাতৃৰ লগতে এজন অভিভাৱকক হেৰুৱালো বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰেল তথা বাণিজ্য মন্ত্ৰী পিয়ুষ গোৱেলে ৷

etv bharat
অৰুণ জেটলীৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা

দেশৰ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কংগ্ৰেছী সাংসদ শশী থাৰুৰেও৷

etv bharat
অৰুণ জেটলীৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা

দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও নেতাই ৷

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.