ETV Bharat / bharat

ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰৰ সৈতে বিভিন্ন বেংকৰ প্ৰবন্ধ সঞ্চালকৰ বৈঠক - COVID-19 সংকট

ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰৰ সৈতে বিভিন্ন বেংকৰ প্ৰবন্ধ সঞ্চালকৰ বৈঠক ৷ বিভিন্ন পদক্ষেপৰ ৰূপায়ন সম্পৰ্কত পৰ্যালোচনা ৷

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্নৰ
শক্তিকান্ত দাস
author img

By

Published : May 2, 2020, 9:45 PM IST

নেশ্যনেল ডেস্ক, 2 মে' : ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্নৰ শক্তিকান্ত দাসে শনিবাৰে বেংক সমূহৰ মুৰব্বী সকলৰ সৈতে এক বৈঠকৰ আয়োজন কৰে ৷ COVID-19 সংকটৰ মাজতে ভাৰতীয় অৰ্থনীতিত হেঁচা কম কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা আৰু অৰ্থনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰে দাসে ৷

দুটা পৃথক খণ্ডত আয়োজন কৰা এই বৈঠকত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ মুখ্য কাৰ্যবাহী সঞ্চালক আৰু প্ৰবন্ধ সঞ্চালক সকলে ঘোষণা কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কত কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কত আলোচনা কৰে গৱৰ্নৰ গৰাকীয়ে ৷

লকডাউনৰ সময়ছোৱাতো বেংকসমূহে সাধাৰণ পৰিৱেশত দৰেই এই জটিল সময়তো সেৱা আগবঢ়াই অহাৰ বাবে বেংকসমূহক গৱৰ্নৰ গৰাকীয়ে প্ৰশংসা কৰে ৷

বৈঠকত অৰ্থনৈতিক পৰিস্থিতি, অৰ্থনৈতিক খণ্ডৰ স্থিৰতা আদি বিভিন্ন বিষয়ত তেওঁ আলোচনা কৰে ৷ ৰিজাৰ্ভ বেংকৰ দ্বাৰা ঘোষণা কৰা ঋণ প্ৰদানৰ সময়সীমা তিনি মাহ সম্প্ৰসাৰণ সন্দৰ্ভতো পৰ্যালোচনা কৰে শক্তিকান্ত দাসে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.