ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত ৰাম গোপাল বৰ্মাঃ এপ্ৰিল ফুল কৰি সমালোচনা ছ'চিয়েল মিডিয়াত - চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বৰ্মা

বুধবাৰে চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বৰ্মাই নিজকে কৰ'ণা পজিটিভ বুলি টুইট কৰে ৷ কিন্তু টুইটটো শ্বেয়াৰ কৰাৰ 14 মিনিট পিছতে খবৰটো মিছা বুলি পুনৰ টুইট কৰে ৷

Ram gopal verma says he tested positive for coronavirus later calls it april fool joke
ৰাম গোপাল বৰ্মা ওলাল কৰ'ণা পজিটিভ
author img

By

Published : Apr 2, 2020, 6:53 PM IST

চিটাৰা ডেস্ক,2 এপ্ৰিলঃ বলীউড ক্ষেত্ৰখনত বৰ্তমানলৈকে এগৰাকী কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সেয়া হৈছে জনপ্ৰিয় গায়িকা কণিকা কাপুৰ ৷ তেওঁক বৰ্তমান আইচ'লেচনৰ মাজত ৰখা হৈছে ৷ ইয়াৰ মাজতে বুধবাৰে চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বৰ্মাই নিজে কৰ'ণা পজিটিভ বুলি এটা টুইট কৰে ৷ টুইটটো শ্বেয়াৰৰ পিছতে আচৰিত হৈ পৰে বি-টাউনবাসীৰ লগতে তেওঁৰ সমগ্ৰ অনুৰাগী ৷ এই টুইটটো যথেষ্ট কমেন্টেৰে উপচি পৰে ক্ষন্তেকতে ৷

  • My doctor just told me that I tested positive with Corona

    — Ram Gopal Varma (@RGVzoomin) April 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কিন্তু প্ৰায় 14 মিনিট পিছতে পৰিচালক গৰাকীয়ে পুনৰ এটা টুইট কৰে, য'ত তেওঁ ক্ষমা প্ৰকাশ কৰি লিখে যে তেওঁৰ চিকিৎসকে 'এপ্ৰিল ফুল' বনালে তেওঁক ৷ লগতে কয় ,এই ভুল ডক্তৰ গৰাকীৰহে তেওঁৰ নহয় ৷

  • Sorry to disappoint, but now he tells me it’s a April Fool joke 😳 it’s his fault and not mine

কিন্তু ইয়াৰ পিছতে তেওঁ যথেষ্ট সমালোচনাৰ সন্মুখীন হয় ৷ যিটো সময়ত কৰ'ণাৰ দৰে মহামাৰীৰ লগত যুঁজি আছে সমগ্ৰ দেশে , সেই সময়ত এনেধৰণৰ ধেমালী কৰাৰ বাবে পৰিচালক গৰাকীক সমালোচনাৰে থকা-সৰকা কৰে একাংশই ৷

  • Anyway I am just trying to make light of a grim situation but the joke is on me and if I dint offend anyone I sincerely apologise to them

ইয়াৰ পিছত পৰিচালক গৰাকীয়ে পুনৰ সকলোকে ক্ষমা বিচাৰি টুইট কৰে ৷ পৰিচালকগৰাকীয়ে লিখে যে, " মই পৰিৱেশটো কিছু পাতল কৰাৰ চেষ্টা কৰিছিলো ৷ কিন্তু ধেমালীটো মোৰ ওপৰতহে কৰা হৈছিল ৷ যদি মই কাৰোবাৰ ভাৱনাক আঘাত দিছো তেন্তে মই ক্ষমা বিচাৰিছো ৷ "

লগতে পঢ়কঃজৰ্দানত আৱদ্ধ অভিনেতা পৃথ্বীৰাজ , ঘৰলৈ আহিব বিচাৰি প্ৰশাসনক গোহাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.