নিউজ ডেস্ক, 1 জুনঃ কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ দুদিন পিচত আজি প্ৰতিৰক্ষা মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে ৰাজনাথ সিঙে ৷ নিৰ্মলা সীতাৰমণৰ দায়িত্বত থকা গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দায়িত্ব গ্ৰহণ কৰিয়ে স্থল, নৌ আৰু বায়ুসেনাৰ মুৰব্বীসকলৰ সৈতে আলোচনাত মিলিত হয় পূৰ্বৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷
-
Delhi: Rajnath Singh takes charge as the Defence Minister. MoS in the Ministry of Defence, Shripad Yesso Naik also present. pic.twitter.com/usBuBxNCDq
— ANI (@ANI) June 1, 2019 " class="align-text-top noRightClick twitterSection" data="
">Delhi: Rajnath Singh takes charge as the Defence Minister. MoS in the Ministry of Defence, Shripad Yesso Naik also present. pic.twitter.com/usBuBxNCDq
— ANI (@ANI) June 1, 2019Delhi: Rajnath Singh takes charge as the Defence Minister. MoS in the Ministry of Defence, Shripad Yesso Naik also present. pic.twitter.com/usBuBxNCDq
— ANI (@ANI) June 1, 2019
অধিক পঢ়কঃ গৃহ মন্ত্ৰণালয়ৰ দায়িত্ব ল'লে অমিত শ্বাহে
নতুন দিল্লীৰ ছাউথ ব্লকত অনুষ্ঠিত সভাত কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছো নাইকো উপস্থিত থাকে ৷ ইয়াৰ উপৰিও সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱাট, বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল বিএছ ধানোৱা আৰু নৱনিযুক্ত নৌ-সেনাপ্ৰধান এডমিৰেল কৰমবীৰ সিং উপস্থিত থাকে ৷ প্ৰতিৰক্ষা মন্ত্ৰীৰূপে আনুষ্ঠানিক দায়িত্ব গ্ৰহণৰ পূৰ্বেই নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷