ETV Bharat / bharat

সীমান্তত পথ নিৰ্মান সন্দৰ্ভত ৰাজনাথ সিঙৰ পৰ্যালোচনা বৈঠক - পথ নিৰ্মান

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সীমান্ত পথ সংস্থাৰ সৈতে দিল্লীৰ চাউথ ব্ল'কত প্ৰায় এঘণ্টা ধৰি অনুষ্ঠিত হয় পৰ্যালোচনা বৈঠক। বৈঠকত পাকিস্তান-চীন সীমান্তৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত পথ নিৰ্মান প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

 ৰাজনাথ সিং
rajnath singh holds review meeting for border road construction projects
author img

By

Published : Jul 7, 2020, 4:57 PM IST

নিউজ ডেস্ক, ৭ জুলাইঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সীমান্তত পথ নিৰ্মান আৰু অন্য নিৰ্মান কাৰ্য সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হয় । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বৈঠকত সীমান্ত পথ সংস্থা (Border Road Organisation)ৰ প্ৰধান লেফটেনেণ্ট জেনেৰেল হৰপাল সিং আৰু আন আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে উক্ত প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

লেফটেনেণ্ট জেনেৰেল গৰাকীয়ে ৰাজনাথ সিঙক পাকিস্তান-চীন সীমান্তৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (Line of Actual Control)ত পথ নিৰ্মানৰ কাম সন্দৰ্ভত অৱগত কৰায়। প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নতুন দিল্লীৰ চাউথ ব্ল'কত প্ৰায় এঘণ্টা ধৰি অনুষ্ঠিত হয় উক্ত বৈঠক ।

সীমান্ত পথ সংস্থাই পাকিস্তান-চীন সীমান্তত পথ নিৰ্মানৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি নাৰাখে বুলি লেফটেনেণ্ট জেনেৰেল হৰপাল সিঙে প্ৰতিৰক্ষা মন্ত্ৰীক আশ্বাস প্ৰদান কৰে । প্ৰতিৰক্ষা, গৃহ আৰু পৰিবহন বিভাগে একেলগে এই প্ৰকল্পৰ কাম কৰি আছে বুলি প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.