ETV Bharat / bharat

স্বদেশী টেজাচ বিমান উৰুৱালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে - স্বদেশী টেজাচ বিমান উৰুৱালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

বৃহস্পতিবাৰে ভাৰতত স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা লাইট কম্বেট এয়াৰক্ৰাফ্ট টেজাচ উৰুৱায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ টেষ্ট পাইলট এয়াৰ ভাইচ মাৰ্শ্বাল এন তিৱাৰীৰ সৈতে বাংগালোৰুৰ হিন্দুস্তান এৰ'নটিকছ লিমিটেডৰ প্ৰশিক্ষণ বিমানবন্দৰত সফলতাৰে যুদ্ধবিমানখন উৰুৱায় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

টেজাচ বিমানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
author img

By

Published : Sep 19, 2019, 3:05 PM IST

নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ স্বদেশী প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত চতুৰ্থ প্ৰজন্মৰ যুঁজাৰু বিমান হৈছে লাইট কম্বেট এয়াৰক্ৰাফ্ট টেজাচ ৷ হিন্দুস্তান এৰ'নটিকছ লিমিটেডে নিৰ্মাণ কৰি উলিওৱা বিমানখনত সফল উৰণ সমাপ্ত কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বৃহস্পতিবাৰে হিন্দুস্তান এৰ'নটিকছ লিমিটেডৰ প্ৰশিক্ষণ বিমানবন্দৰত বায়ুসেনাৰ টেষ্ট পাইলট এয়াৰ ভাইচ মাৰ্শ্বাল এন তিৱাৰীৰ সৈতে যুঁজাৰু বিমান উৰণৰ অভিজ্ঞতা লাভ কৰে ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ দ্বাৰাই টেজাচত উৰণ সম্পন্ন কৰা প্ৰথমগৰাকী মন্ত্ৰীৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৰাজনাথ সিঙে ৷

টেজাচ বিমানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

এৰ'নটিকেল ডেভেলপমেন্ট এজেন্সিৰ অন্তৰ্গত নেশ্বনেল ফ্লাইট টেষ্ট চেন্টাৰৰ প্ৰকল্প সঞ্চালক তথা বায়ুসেনাৰ টেষ্ট পাইলট এয়াৰ ভাইচ মাৰ্শ্বাল এন তিৱাৰীয়ে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীৰ সৈতে বিমানখন উৰুৱায় ৷ বিমানখনৰ উৰণ সম্পন্ন কৰাৰ পিচতে এয়া ভাৰতবাসীৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ ভাৰত এতিয়া স্বদেশী প্ৰযুক্তিৰে শক্তিশালী আৰু স্বদেশী প্ৰযুক্তি ব্যৱহাৰ কৰি দেশৰ সেনাবাহিনীক শক্তিশালী কৰাৰ মুল উদ্দেশ্যেৰে বিমানখন উৰুৱাৰ কথা প্ৰকাশ কৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে এলচিএ টেজাচৰ এৰেষ্টেড লেণ্ডিং পৰীক্ষণ সম্পন্ন কৰা হৈছিল ৷ ভাৰতীয় নৌসেনাই গোৱাত সম্পন্ন কৰিছিল এই পৰীক্ষণ ৷ ইতিমধ্যে ভাৰতীয় বায়ুসেনাত টেজাচ নিয়োগ কৰা হৈছে আৰু নৌ-সেনাত নিয়োগ কৰাৰ চৰম ক্ষণত উপনীত হৈছে ৷ প্ৰথম অৱস্থাত ভাৰতীয় বায়ুসেনাই 40খন টেজাচ যুঁজাৰু বিমানৰ বাবে অৰ্ডাৰ ৰাখিছিল ৷ পৰৱৰ্তী পৰ্যায়ত বিগত বৰ্ষত 50 হাজাৰ কোটি টকাৰে সম্পন্ন এক চুক্তিৰ দ্বাৰা অতিৰিক্ত 83খন টেজাচৰ বাবে অৰ্ডাৰ প্ৰদান কৰিছে ভাৰতীয় বায়ুসেনাই ৷

  • Flying on ‘Tejas’, an Indigenous Light Combat Aircraft from Bengaluru’s HAL Airport was an amazing and exhilarating experience.

    Tejas is a multi-role fighter with several critical capabilities. It is meant to strengthen India’s air defence capabilities. pic.twitter.com/jT95afb0O7

    — Rajnath Singh (@rajnathsingh) September 19, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
  • The ‘G-Suite’ & ‘Tejas’:
    It was a memorable experience. Thank you @IAF_MCC @HALHQBLR & @DRDO_India for this proud moment.

    Special thanks to AVM, N.Tiwari, who is also the Project Director, National Flight Test Centre, ADA (Aeronautical Development Agency) for the sortie. pic.twitter.com/8F2tXh7dle

Intro:Body:

স্বদেশী টেজাচ বিমান উৰুৱালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

বৃহস্পতিবাৰে ভাৰতত স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা লাইট কম্বেট এয়াৰক্ৰাফ্ট টেজাচ উৰুৱায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ টেষ্ট পাইলট এয়াৰ ভাইচ মাৰ্শ্বাল এন তিৱাৰীৰ সৈতে বাংগালোৰুৰ হিন্দুস্তান এৰ'নটিকছ লিমিটেডৰ প্ৰশিক্ষণ বিমানবন্দৰত সফলতাৰে যুদ্ধবিমানখন উৰুৱায় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ 

নিউজ ডেস্ক, 19 চেপ্তেম্বৰঃ স্বদেশী প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত চতুৰ্থ প্ৰজন্মৰ যুঁজাৰু বিমান হৈছে লাইট কম্বেট এয়াৰক্ৰাফ্ট টেজাচ ৷ হিন্দুস্তান এৰ'নটিকছ লিমিটেডে নিৰ্মাণ কৰি উলিওৱা বিমানখনত সফল উৰণ সমাপ্ত কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ বৃহস্পতিবাৰে হিন্দুস্তান এৰ'নটিকছ লিমিটেডৰ প্ৰশিক্ষণ বিমানবন্দৰত বায়ুসেনাৰ টেষ্ট পাইলট এয়াৰ ভাইচ মাৰ্শ্বাল এন তিৱাৰীৰ সৈতে যুঁজাৰু বিমান উৰণৰ অভিজ্ঞতা লাভ কৰে ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ দ্বাৰাই টেজাচত উৰণ সম্পন্ন কৰা প্ৰথমগৰাকী মন্ত্ৰীৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় ৰাজনাথ সিঙে ৷ 

এৰ'নটিকেল ডেভেলপমেন্ট এজেন্সিৰ অন্তৰ্গত নেশ্বনেল ফ্লাইট টেষ্ট চেন্টাৰৰ প্ৰকল্প সঞ্চালক তথা বায়ুসেনাৰ টেষ্ট পাইলট এয়াৰ ভাইচ মাৰ্শ্বাল এন তিৱাৰীয়ে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীৰ সৈতে বিমানখন উৰুৱায় ৷ বিমানখনৰ উৰণ সম্পন্ন কৰাৰ পিচতে এয়া ভাৰতবাসীৰ বাবে এক গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ ভাৰত এতিয়া স্বদেশী প্ৰযুক্তিৰে শক্তিশালী আৰু স্বদেশী প্ৰযুক্তি ব্যৱহাৰ কৰি দেশৰ সেনাবাহিনীক শক্তিশালী কৰাৰ মুল উদ্দেশ্যেৰে বিমানখন উৰুৱাৰ কথা প্ৰকাশ কৰে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে ৷ 

উল্লেখ্য যে, কিছুদিন পূৰ্বে এলচিএ টেজাচৰ এৰেষ্টেড লেণ্ডিং পৰীক্ষণ সম্পন্ন কৰা হৈছিল ৷ ভাৰতীয় নৌসেনাই গোৱাত সম্পন্ন কৰিছিল এই পৰীক্ষণ ৷ ইতিমধ্যে ভাৰতীয় বায়ুসেনাত টেজাচ নিয়োগ কৰা হৈছে আৰু নৌ-সেনাত নিয়োগ কৰাৰ চৰম ক্ষণত উপনীত হৈছে ৷ প্ৰথম অৱস্থাত ভাৰতীয় বায়ুসেনাই 40খন টেজাচ যুঁজাৰু বিমানৰ বাবে অৰ্ডাৰ ৰাখিছিল ৷ পৰৱৰ্তী পৰ্যায়ত বিগত বৰ্ষত 50 হাজাৰ কোটি টকাৰে সম্পন্ন এক চুক্তিৰ দ্বাৰা অতিৰিক্ত 83খন টেজাচৰ বাবে অৰ্ডাৰ প্ৰদান কৰিছে ভাৰতীয় বায়ুসেনাই ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.