নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ : ৰাজস্থানৰ জয়পুৰত এগৰাকী ধৰ্ষণৰ বলি মহিলা আৰু তেওঁৰ কন্যাক অভিযুক্তই জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ পাচতে অভিযুক্তই খঙত অগ্নিশৰ্মা হৈ এই কাণ্ড সংঘটিত কৰে বুলি জানিব পৰা গৈছে ৷
মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰ চপা বাবে অভিযুক্তই পেট্ৰ'ল ঢালি ভুক্তভোগীগৰাকীক জ্বলাই দিয়ে ৷ অগ্নিকাণ্ডৰ ফলত ভূক্তভোগী আৰু তেওঁৰ কন্যা গুৰুতৰভাৱে আহত হয় আৰু দুয়োগৰাকীকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ দুয়োগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷
আনহাতে, অভিযুক্ত লেখৰাজ আৰু আন তিনিজনক আটক কৰিছে জয়পুৰ আৰক্ষীয়ে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মহিলাগৰাকী ঘৰত অকলে থকা অৱস্থাত মদ্যপান কৰোৱাই ধৰ্ষণ কৰে লেখৰাজে ৷ লগতে ঘটনা সম্পৰ্কত কোনো লোকক অৱগত নকৰিবলৈ ভাবুকি প্ৰদান কৰে ৷
কিন্তু এই সম্পৰ্কত মহিলাগৰাকীয়ে নিজ স্বামীক অৱগত কৰাৰ লগতে আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰে ৷ ইয়াৰ পাচতে ভুক্তভোগী মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ অভিযুক্তই জ্বলাই দিয়ে ৷ নিজ মাতৃক সেই অৱস্থাত প্ৰত্যক্ষ কৰি উদ্ধাৰৰ বাবে অহা কন্যাকো জ্বলাই দিয়ে অভিযুক্তজনে ৷
ঘটনা সম্পৰ্কত তথ্য লাভ কৰি আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু দুয়োকে উদ্ধাৰ কৰি জয়পুৰ হাস্পতালত ভৰ্তি কৰে ৷ ঘটনাৰ সৈতে জড়িত লেখৰাজ আৰু তিনি অভিযুক্তক আটক কৰি এক গোচৰ ৰুজু কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ ঘটনাৰ বাবে ভুক্তভোগীৰ পৰিয়ালে আৰক্ষীক জগৰীয়া কৰিছে ৷
লগতে পঢ়ক : যুদ্ধবিৰতি উলংঘণ সন্দৰ্ভত পাকিস্তানৰ বিৰুদ্ধে মানৱাধিকাৰ ভংগৰ অভিযোগ বিএছএফৰ