ETV Bharat / bharat

চীন আৰু COVID-19 সন্দৰ্ভত প্ৰথমেই সতৰ্কবাণী দিয়া হৈছিল চৰকাৰকঃ ৰাহুল গান্ধী

author img

By

Published : Jul 24, 2020, 7:49 PM IST

শুকুৰবাৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰক পুনৰ আক্ৰমণ কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ। চীনৰ সীমা বিবাদ আৰু COVID-19ৰ বাবে দেশজুৰি দেখা দিয়া অৰ্থ সংকট সন্দৰ্ভতে বিজেপি চৰকাৰক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে।

 ৰাহুল গান্ধী
ৰাহুল গান্ধী

নিউজ ডেস্ক,২৪ জুলাইঃ হিমাচল প্ৰদেশৰ সীমান্ত তথা No-Mans-Landত চীনে পথ নিৰ্মাণ বুলি খবৰ লাভ কৰাৰ পাচতে শাসনাধীস্থ বিজেপি চৰকাৰক পুনৰ আক্ৰমণ কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ। শুকুৰবাৰে ৰাহুল গান্ধীয়ে টুইটযোগে কয় যে,মই দেশত মহামাৰী COVID-19ৰ বাবে বৃদ্ধি পোৱা অৰ্থসংকটৰ বিষয়ে পূৰ্বে সতৰ্কবাণী দিছিলো বিজেপি চৰকাৰক । যি তেখেতসকলে অৰ্থহীন বুলি আখ্যা দিয়ে। যাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লগা হয়। মই এতিয়া চীনৰ সন্দৰ্ভত শাসনাধীষ্ঠ চৰকাৰক বহুবাৰ সতৰ্কবাণী আগবঢ়াইছো। আৰু তেখেতসকলে পুনৰ সেৱা অৰ্থহীন বুলি অভিহিত কৰে।

  • I kept warning them on Covid19 and the economy. They rubbished it.

    Disaster followed.

    I keep warning them on China. They’re rubbishing it.

    — Rahul Gandhi (@RahulGandhi) July 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে,ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে টুইটাৰ একাউণ্টৰ পৰা এটি ভিডিঅ' শ্বেয়াৰ কৰে। য'ত ৰাহুল গান্ধীয়ে চীন সন্দৰ্ভত ভাৰতৰ স্থিতি সম্পৰ্কত মন্তব্য কৰা প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে । ভিডিঅ'টোত ৰাহুল গান্ধীয়ে ভাৰতে চীনৰ বিৰুদ্ধে দৃঢ় মানসিকতাৰে যুঁজিব লাগিব আৰু চীনৰ সন্মুখত ভাৰতক বৈজ্ঞানিক চিন্তাধাৰাৰ হিচাপে প্ৰস্তুত কৰিব লাগিব বুলি মত প্ৰকাশ কৰে ।

 ৰাহুল গান্ধী
চীন আৰু COVID-19 সন্দৰ্ভত প্ৰথমেই সতৰ্কবাণী দিয়া হৈছিল চৰকাৰকঃ ৰাহুল গান্ধী

লগতে চাওকঃ কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.