নিউজ ডেস্ক, ১৯ জুনঃ প্ৰাক্তন কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে উদযাপন নকৰে ৫০ সংখ্যক জন্মদিন । মহামাৰী COVID-19 আৰু লাডাখৰ গালৱানত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত শ্বহীদ হোৱা ২০ গৰাকী সেনা জোৱানলৈ শোক প্ৰকাশ কৰি প্ৰাক্তন কংগ্ৰেছৰ অধ্যক্ষ গৰাকীয়ে জন্মদিৱস পালন নকৰে বুলি জানিবলৈ দিয়ে এক বিশেষ সূত্ৰই ।
লগতে কংগ্ৰেছ দলক দেশৰ ৰাজ্য তথা জিলাসমূহতো জন্মদিন পালন নকৰিবলৈ অনুৰোধ জনাই ৰাহুল গান্ধীয়ে । সূত্ৰৰ খবৰ অনুসৰি, অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে. চি. বেণুগোপালে সকলো ৰাজ্য কংগ্ৰেছ কমিটি সমূহক COVID-19 আৰু ভাৰত-চীনৰ সংঘৰ্ষত শ্বহীদ সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰে প্ৰাক্তন অধ্যক্ষ গৰাকীৰ জন্মদিৱস উপলক্ষে কোনো ধৰণৰ উদযাপনমূলক অনুষ্ঠানৰ আয়োজন নকৰিবলৈ আহ্বান জনায় ।
আনহাতে, সকলো ৰাজ্যৰ কংগ্ৰেছ কমিটিসমূহক মাতৃভূমিৰ বাবে নিজৰ জীৱন ত্যাগ কৰা শ্বহীদ সকলক বাবে শ্ৰদ্ধা তথা সন্মান জনাই ২ মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাই কে. চি. বেণুগোপালে ।
উল্লেখ্য যে, শুকুৰবাৰে দেশৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ দলৰ তৰফৰ পৰা ছাত্ৰ সংগঠন, নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়াই ৰক্তদান শিৱিৰৰ আয়োজন কৰে । লগতে মহামাৰী COVID-19 ত আক্ৰান্ত দৰিদ্ৰ লোকসকললৈ নগদ ধন আগবঢ়াই বুলি জানিবলৈ দিয়ে ।