ETV Bharat / bharat

ৰাফেল চীনা শিবিৰৰ বাবে চিন্তাৰ কাৰণ !

author img

By

Published : Feb 4, 2021, 4:35 PM IST

ভাৰতীয় বায়ু সেনাৰ মুৰব্বী আৰ কে এছ ভাডাউৰিয়াৰ মতে ৰাফেল বিমান অন্তৰ্ভুক্ত কৰাৰ ফলত চীনা শিবিৰত চিন্তা বাঢ়িছে; কিয়নো তেওঁলোকে ভাৰতৰ সীমান্ত অঞ্চলৰ ওচৰত জে-২০ যুঁজাৰু বিমান মোতায়ন কৰিছে ।

ৰাফেল চীনা শিবিৰৰ বাবে চিন্তাৰ কাৰণ !
ৰাফেল চীনা শিবিৰৰ বাবে চিন্তাৰ কাৰণ !

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী: ভাৰত আৰু চীনৰ সংঘাত চলি থকাৰ মাজতে ভাৰতীয় বায়ু সেনাৰ মুৰব্বী ৰাকেশ কুমাৰ সিং ভাডাউৰিয়াৰ এক গুৰুত্বপূৰ্ণ মন্তব্য় । ভাৰত-চীন সীমান্তত পৰ্যাপ্ত পৰিমাণে সকলো শক্তি মোতায়ন কৰা হৈছে । তেওঁৰ মতে ভাৰতত ৰাফেল বিমান অন্তৰ্ভূক্ত হোৱাৰ লগে লগে চীনা শিবিৰত প্ৰচণ্ড উদ্বেগৰ সৃষ্টি হৈছে যাৰ বাবে ভাৰত সীমান্তত চীনে জে-২০ যুঁজাৰু বিমান মোতায়ন কৰিছে । সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান আলোচনা চলি আছে । প্ৰয়োজন অনুসৰি বিভিন্ন স্থানত সেনা মোতায়ন কৰাৰ লগতে যদি আলোচনা সঠিক দিশত নাযায় তেনেহলে যিকোনে পৰিস্থিতিৰ বাবে ভাৰতীয় সেনা প্ৰস্তুত বুলিও মন্তব্য় কৰে ।

লাডাখ অঞ্চলত চীনা পক্ষৰ দ্বাৰা পুলবেকৰ প্ৰতিবেদনৰ ওপৰত ভাডাউৰিয়াই কয় যে চীনৰ ফালৰ পৰা বিমান মোতায়নৰ ক্ষেত্ৰত কিছুমান পুলবেকৰ খবৰ আহিছে । কিন্তু তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰাৰ দৰে কিছুমান কাৰ্যপন্থা হাতত লোৱা দেখা গৈছে । তেওঁলোকে ইয়াৰ ক্ষেত্ৰত মোতায়ন হ্ৰাস কৰা নাই বৰঞ্চ শক্তিশালীহে কৰিছে । প্ৰকৃতাৰ্থত যি দেখা যায় সেই হিচাপে মোতায়ন অথবা তৎপৰতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে বুলিও কয় বায়ু সেনাৰ মুৰব্বী গৰাকীয়ে ।

ইফালে এলচিএ তেজছ ইণ্ডাকচন ভাৰতৰ বায়ু সেনাত অন্তৰ্ভূক্ত হোৱাকলৈও মন্তব্য় কৰে সেনাৰ মূৰব্বী গৰাকীয়ে । তেওঁৰ মতে এলচিএ তেজছ ইণ্ডাকচনৰ অন্তৰ্ভুক্তিৰ পিছত স্কোৱাড্ৰনৰ সংখ্য়া বৃদ্ধি কৰিব পাৰিব ভাৰতে । এতিয়া ৩০ টালৈ স্কোৱাড্ৰনৰ সংখ্য়া বৃদ্ধি কৰিব বুলিও জনাই বায়ু সেনাৰ মুৰব্বী আৰকেএছ ভাডাউৰিয়াই । তদুপৰি প্ৰতিৰক্ষা বাজেটৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰাটো এক বৃহৎ পদক্ষেপ বুলিও উল্লেখ কৰাৰ লগতে ভাডাউৰিয়াই কয় যে আধুনিকীকৰণৰ বাবে বাজেট বৃদ্ধিয়ে বায়ু সেনা বাহিনীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে চাউৰী চাউৰা শতবাৰ্ষিকী অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.