ETV Bharat / bharat

কোৱাৰেন্টাইনত থকাৰ পিচত মাতৃ কন্যাৰ মিলনে চুই যাব আপোনাৰ হৃদয় !

কৰ্ণাটকৰ বেলগাভী জিলাক এখন কোভিড-19 চিকিৎসালয়ত চিকিৎসা আগবঢ়াই থকা এগৰাকী নাৰ্ছে 14 দিন আছুতীয়াকৈ নিৰীক্ষণত থকাৰ পিচতে নিজৰ কন্য়াৰ সৈতে দেখাদেখি হয় ৷ মাতৃ কন্যাৰ এই দৃশ্যই ভৰাই তুলিব আপোনাৰ অন্তৰ ৷

মাতৃ কন্যাৰ মিলনে চুই যাব আপোনাৰ হৃদয়
মাতৃ কন্যাৰ মিলনে চুই যাব আপোনাৰ হৃদয়
author img

By

Published : Apr 9, 2020, 3:15 PM IST

Updated : Apr 9, 2020, 4:31 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ সন্মুখৰ পৰা স্বাস্থ্য়সেৱা আগবঢ়াই অহা স্বাস্থ্যকৰ্মীসকলৰ কোভিড-19ৰ সৈতে হোৱা যুঁজখনত বহুতেই নিজৰ পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে ৷ এনে সময়তে পোহৰলৈ অহা এটা দৃশ্যই অন্তৰ চুই যাব আপোনাৰ ৷ এই দৃশ্যত এগৰাকী নাৰ্ছ আৰু তেওঁৰ তিনি বছৰীয়া কন্যাক দেখিবলৈ পোৱা গৈছে ৷

কৰ্ণাটকৰ বেলগাভী জিলাৰ এখন কোভিড-19 চিকিৎসালয়ত কৰ্মৰত সুগন্ধা নামৰ নাৰ্ছগৰাকী আৰু তেওঁৰ তিনিবছৰীয়া কন্যাক দেখিবলৈ পোৱা হৈছে ভাইৰেল হৈ পৰা ভিডিঅ’টোত ৷ সম্পূৰ্ণ 11 দিনৰ অন্তত হোৱা মাতৃ-কন্যাৰ মিলনৰ দৃশ্যই অন্তৰআত্মা চুই যায় বহুতৰে ৷ চিকিৎসালয়খনত কাম কৰি থকাৰ বাবেই সুগন্ধাই কটাবলগীয়া হৈছিল 14 দিনৰ একাকী কুৰানন্টাইন ৷ যাৰ ফলত তেওঁৰ স্বামীয়ে কন্যাক মাতৃয়ে কাম কৰা চিকিৎসালয়খনলৈ এবাৰ লৈ আহে ৷ নিজ মাতৃক প্ৰত্যক্ষ কৰি কন্যা ঐশ্বৰ্যই তেওঁলোকৰ সৈতে মাতৃক নিজ গৃহলৈ উভটি আহিবলৈ কান্দি কান্দি অনুৰোধ জনায় ৷

মাতৃ কন্যাৰ মিলনে চুই যাব আপোনাৰ হৃদয়

আনহাতে এই দৃশ্য ইন্টাৰনেটত ভাইৰেল হৈ পৰাৰ পিচতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিএছ য়েদিয়ুৰাপ্পাই নাৰ্ছ সুগন্ধাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁৰ কামৰ শলাগ লয় ৷

Last Updated : Apr 9, 2020, 4:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.