ETV Bharat / bharat

ক্লিনিকেল ট্ৰায়েলৰ বাবে পাঞ্জাৱ চৰকাৰক অনুমোদন ICMRৰ

ভাৰতীয় চিকিৎসা গৱেষণা কেন্দ্ৰই(ICMR) পাঞ্জাৱ চৰকাৰক প্লাজমা থেৰাপিৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে অনুমোদন প্ৰদান কৰে ।

author img

By

Published : May 4, 2020, 11:22 AM IST

ক্লিনিকেল ট্ৰায়েলৰ বাবে পাঞ্জাৱ চৰকাৰক অনুমোদন ICMRৰ
ক্লিনিকেল ট্ৰায়েলৰ বাবে পাঞ্জাৱ চৰকাৰক অনুমোদন ICMRৰ

নতুন দিল্লী, 4 মে': পাঞ্জাৱ চৰকাৰে ICMR লৈ পঠিওৱা প্ৰস্তাৱৰ পাচত অনুমোদন লাভ কৰিছে প্লাজমা থেৰাপিৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে । COVID-19 ৰোগীক আগবঢ়োৱা হ'ব প্লাজমা থেৰাপিৰ ক্লিনিকেল ট্ৰায়েল ।

প্ৰযুক্তিগত ভাবে "কনভলেচেন্ট প্লাজমা থেৰাপি" হৈছে, আৰোগ্য লাভ কৰাৰ ৰোগী এজনৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা ব্যৱহাৰ কৰি আক্ৰান্ত আন এজন ৰোগীক চিকিৎসা কৰা । এনে ক্ষেত্ৰত সুস্থ হৈ উঠা ৰোগী জনৰ প্ৰতিৰোধ ক্ষমতা আক্ৰান্ত আন এজনৰ দেহত সংস্থাপন কৰিলে তেওঁৰো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব ।

স্মৰণ কৰিব লগীয়া যে, যেতিয়া ACP কোহলি COVID-19 ত আক্ৰান্ত হৈ লুধিয়ানাৰ SPS হাস্পতালত ভৰ্তি হৈ আছিল তেতিয়া মুখ্যমন্ত্ৰী অমৰিন্দৰে এই থেৰাপিৰ পৰীক্ষণৰ বাবে অনুমতি দিয়ে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্পূৰ্ণ সহযোগীতা আগবঢ়াই আৰু PGIMER ৰ প্ৰাক্তন সঞ্চালক ডা৹ কে কে তালৱোয়াৰে দিহা পৰামৰ্শ আগবঢ়ায় । কিন্তু থেৰাপি দিয়াৰ পূৰ্বেই কোহলিৰ স্বাস্থ্যৰ অৱনতি ঘটিল, সেয়ে পৰীক্ষণ চলাব পৰা নগ'ল । সেয়ে ইয়াক স্থগিত কৰি আনুষ্ঠানিক অনুমোদনৰ বাবে ICMR লৈ প্ৰেৰণ কৰে ।

মুখ্য অনুসন্ধানকাৰীৰ দ্বাৰা পাঞ্জাৱৰ চিকিৎসা মহাবিদ্যালয় সমূহৰ লগতে চিকিৎসা গৱেষণা কেন্দ্ৰ সমূহৰ মাজত সম্পৰ্ক ৰাখি ICMR ৰ প্ৰটকল মতে সম্পন্ন কৰা হ'ব এই পৰীক্ষণ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.