ETV Bharat / bharat

বিকাশ ডুবেৰ বিৰুদ্ধে CBI তদন্তৰ দাবী প্ৰিয়ংকা গান্ধীৰ

বৃহস্পতিবাৰে পুৱা মধ্য প্ৰদেশৰ উজ্জেনৰ পৰা বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰাৰ পিচতে কংগ্ৰেছ দলে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰখনক বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই বৃহস্পতিবাৰে উক্ত বিষয় সন্দৰ্ভত চিবিআইৰ তদন্ত বিচাৰিছে ।

author img

By

Published : Jul 9, 2020, 5:19 PM IST

priyanka-gandhi-demands-cbi-probe-in-vikas-dubey-case

নিউজ ডেস্ক, ৯ জুলাই : বৃহস্পতিবাৰে পুৱা মধ্য প্ৰদেশৰ উজ্জেনৰ পৰা বিকাশ ডুবেক গ্ৰেপ্তাৰ কৰাৰ পিচতে কংগ্ৰেছ দলে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰখনক বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই বৃহস্পতিবাৰে উক্ত বিষয় সন্দৰ্ভত চিবিআইৰ তদন্ত বিচাৰিছে ।

প্ৰিয়ংকা গান্ধী ভদ্ৰাই এক টুইটযোগে উল্লেখ কৰিছে যে, কানপুৰৰ জঘন্য হত্যাকাণ্ডৰ পিচত আদিত্যনাথৰ চৰকাৰে যেনেকুৱা তৎপৰভাবে তদন্ত কৰিব লাগিছিল সেয়া তদন্ত কৰা হোৱা নাই । কটকটীয়া নিৰাপত্তা থকাৰ পিচতো বিকাশ ডুবেই কেনেকৈ উজ্জেন পালে সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে ।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিকাশ ডুবেই ৰাতিপুৱা প্ৰায় ৮ বজাত উজ্জেনৰ মন্দিৰত উপস্থিত হৈছিল । মহাকাল মন্দিৰৰ বাহিৰত এজন সুৰক্ষা কৰ্মীয়ে ডুবেক দেখা পোৱাৰ লগতে তৎক্ষণাত আৰক্ষীৰ শীৰ্ষ বিষয়াক অবগত কৰে । উল্লেখযোগ্য যে, বিকাশ ডুবেই উত্তৰ প্ৰদেশৰ কানপুৰৰ চক্ৰ বিষয়া সহ ৮ গৰাকী আৰক্ষীক হত্যা কৰাৰ অভিযোগ উখাপন হৈছিল । উক্ত ঘটনাৰ পিচতে ডুবেৰ সন্ধানত আৰক্ষীয়ে হাৰিয়ানা, দিল্লী তথা ভাৰত-নেপাল সীমান্তত অভিযান অব্যাহত ৰাখিছিল ।

ইতিমধ্যে বিকাশ ডুবেৰ এখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে । য'ত দেখা পোৱা গৈছিল ডুবে উজ্জেন মন্দিৰৰ ভিতৰত এখন চোফাত বহি আছিল । আনহাতে, বিকাশ ডুবেৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ অবদান থকা বুলি উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.