নিউজ ডেস্ক, ২ জুলাই : তেল বিপনন উদ্যোগ সমূহে বৃহস্পতিবাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য পুনৰবাৰ অপৰিৱৰ্তিত ৰখাৰ পিচত বিগত ২৬ দিনৰ ভিতৰত ২২ দিনেই মূল্য বৃদ্ধিৰ পিচত ইন্ধনৰ মূল্য অত্যাধিকভাবে বৃদ্ধি পাই আহিছে । ৭ জুনৰ পৰা আৰম্ভ হৈ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত পেট্ৰ'লৰ ৯.১৭ টকা আৰু ডিজেলৰ ১১.১৪ টকা মূল্য বৃদ্ধি হয় । যদিওবা অন্য চহৰতো নিতৌ বৃদ্ধি পাই আহিছিল এই মূল্য । কিন্তু প্ৰশ্ন হয় কিয় প্ৰতিনিদেই বৃদ্ধি পাই আহিছে এই মূল্য ?
২০১০ চনত ইউ পি এ চৰকাৰে ইন্ধনৰ মূল্য নিয়ন্ত্ৰিত কৰিব নোৱাৰৰ ফলত ইন্ধন উদ্যোগ সমূহে অপৰিশধিত তেলৰ ওপৰত ভিত্তি কৰি তেলৰ দাম নিদ্ধাৰণ কৰিছে । তেতিয়াৰ পৰাই পেট্ৰ'ল, ডিজেলৰ ক্ষেত্ৰত চৰকাৰৰ নিয়ন্ত্ৰণ আঁতৰি গৈছিল আৰু ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰখন যেতিয়া ক্ষমতালৈ আহিছিল তেওঁলোকেও সেই একেটা ক্ষমতা বা নীতিকে বাহাল ৰাখিছিল ।
তথ্য অনুসৰি, ২০০৮ চনত তেলৰ মূল্য সৰ্বাধিক হৈছিল । সেই সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য প্ৰতি বেৰলত আছিল ১৩২ ডলাৰ । কিন্তু তেতিয়াও পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত মাত্ৰ ৫০ টকা আছিল । তথ্য অনুসৰি, ২০১৪ চনত এনডিয়ে চৰকাৰে শাসন লোৱাৰ পিচত বিশ্বৰ বজাৰত প্ৰতি বেৰল তেলৰ মূল্য হৈছিল ১০৯ ডলাৰ । সেই সময়ত কলিকতাত প্ৰতি লিটাৰ পেট্'লৰ মূল্য ৭৯ টকা আৰু ডিজেলৰ মূল্য ৬২ টকা ।
আনহাতে, বৰ্ধিত দাম সম্পৰ্কত বিশেষজ্ঞ সকলে বহু কেইটা কাৰণ দৰ্শাইছে । পশ্চিম বংগৰ পেট্ৰ'ল-ডিজেল এছচিয়েচনৰ সচিব সুৰজিৎ কোলে জনাই যে, এই সময়ত বিশ্ব বজাৰত প্ৰতি লিটাৰ কেঁচা তেলৰ মূল্য প্ৰতি বেৰলত প্ৰায় ৪০ ডলাৰ । লক্ ডাউনৰ সময়ত কেঁচা তেলৰ মূল্য বহুত কম আছিল কিন্তু সেই সময়তো ভাৰতে তৃলৰ মূল্য হ্ৰাস কৰিব পৰা নাছিল । কিন্তু ভাৰতত যিটো হাৰত তেলৰ মূল্য বৃদ্ধি পাই আছে সেই অনুপাতে বিশ্ব বজাৰত তেলৰ মূল্য ইমান বৃদ্ধি হোৱা নাই । লগতে বিশেষজ্ঞ গৰাকীয়ে ইন্ধন সম্পৰ্কত কেইটামান প্ৰশ্ননৰ জৰিয়তে বিষয়টো সকলোকে বুজাবলৈ চেষ্টা কৰিছে ।
প্ৰশ্নঃ পেট্ৰ'ল-ডিজেলৰ মূল্য কেনেকৈ নিৰ্ধাৰণ কৰা হয় ?
উত্তৰঃ প্ৰমুখ অৰ্থশাস্ত্ৰী প্ৰফেচাৰ সুমন মুখোপাধ্যই জনাই যে, ইন্ধনৰ মূল্য বহু কেইটা কাৰকৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় । ইয়ায মূল্য প্ৰতিদিনে পুৱা ৬ বজাত নিৰ্ধাৰণ কৰা হয় । তৃলৰ মূল্য গতিশীল ইন্ধন মূল্য বিধিৰ আধাৰত নিৰ্ধাৰণ কৰা হয় । যাৰ জৰিয়তে ই সলনি হৈ থাকে । মূল্য কেৱল বিশ্ব বজাৰৰ ওপৰত ভিত্তি কৰিয়ে নিৰ্ধাৰিত নহয় আন বহু কেইটা কাৰক ইয়াৰ লগত জড়িত । এই কেঁচা তেলৰ মূল্যৰ বাবে ৰাছিয়া আৰু মধ্য পূবৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা বুলিও উল্লেখ কৰে । যাৰ কাৰণে কেঁচা তেলৰ ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল । লগতে তেলৰ মূল্য কেন্দ্ৰ চৰকাৰৰ উৎপাদক শুল্ক আৰু ৰাজ্য চৰকাৰৰ ভেটৰ ওপৰত নিৰ্ভৰ কৰে । দুয়োখন চৰকাৰৰ কৰৰ পৰিমান অধিক হলে ইয়াৰ মূল্য অধিক হোৱা দেখা যায় । লক্ ডাউনৰ পূৰ্বে ইন্ধনৰ যিমান প্ৰয়োজন আছিল বৰ্তমান সিমান প্ৰয়োজন হোলা নাই । ইয়াৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত অন্য কাৰকে প্ৰভাৱ কৰে । দেশৰ কৰৰ বাবে মূল্য বৃদ্ধি হোৱা দেখা পোৱা গৈছে । লগতে ভাৰতত তেলৰ ক্ষেত্ৰত এক অতিৰিক্ত কৰ লগোৱা হয় যাৰ বাবে অন্য দেশৰ তুলনাত তেলৰ মূল্য বৃদ্ধি হয় ।
প্ৰশ্নঃ ইয়াৰ পৰা ৰেহাই পোৱাৰ উপায় ?
উত্তৰঃ যদি চৰকাৰে ইন্ধনৰ ক্ষেত্ৰত জি এছ টি লগাই তেতিয়াহলে মূল্য কম হোৱাৰ সম্ভাৱনা আছে । কিন্তু কেন্দ্ৰ বা ৰাজ্য চৰকাৰে কোনো এখন চৰখাৰে ইয়াৰ ওপৰত প্ৰদান নকৰে । লগতে বিদেশী মুদ্ৰা যদি ইয়াত প্ৰয়োগ কৰা হয় তেতিয়াহলে মূল্য হ্ৰাস পাব পাৰে । যদিহে চৰখাৰে সময় থাকোতে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহলে মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।