ETV Bharat / bharat

আজাদ ভৱনত বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন ৰাষ্ট্ৰপতি কোবিন্দৰ

author img

By

Published : Aug 16, 2020, 11:03 AM IST

Updated : Aug 16, 2020, 12:45 PM IST

দিল্লীৰ আজাদ ভৱনৰ ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিৰ্মূৰ্তি ভাৰ্চুৱেলী উন্মোচন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (ৰাজ্যিক) ভি. মুৰলীধৰণ আৰু ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সভাপতি ড৹ বিনয় সহস্ৰবুদ্ধেৰ উপস্থিতিত দিনৰ 11 বজাত প্ৰতিমূৰ্তিটো উদ্বোধন কৰে ৷

President Kovind to virtually unveil ex PM Vajpayee's portrait on second death anniversary
আজাদ ভৱনত বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন ৰাষ্ট্ৰপতি কোবিন্দৰ

নেশ্যনেল ডেক্স, 16 আগষ্টঃ দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে দিল্লীৰ আজাদ ভৱনৰ ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদত তেখেতৰ প্ৰতিৰ্মূৰ্তি ভাৰ্চুৱেলী উন্মোচন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (ৰাজ্যিক) ভি. মুৰলীধৰণ আৰু ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সভাপতি ড৹ বিনয় সহস্ৰবুদ্ধেৰ উপস্থিতিত দিনৰ 11 বজাত প্ৰতিমূৰ্তিটো উদ্বোধন কৰা হয় ৷

1924 চনৰ 25 ডিচেম্বৰত মধ্য প্ৰদেশৰ গোৱালিয়ৰত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন বিজেপি নেতাগৰাকীয়ে ৷ তেখেত 1996, 1998ৰ পৰা 1999 আৰু 1999ৰ পৰা 2004 লৈ তিনিবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিস্থিত হৈছিল ৷ ৰাজনীতিৰ উপৰিও তেখেত এগৰাকী কবি আৰু লিখকো আছিল ৷

2008 চনত প্ৰধানমন্ত্ৰী পদৰ পৰা অব্যাহতি লোৱাৰ লগে লগেই তেখেতে সক্ৰিয় ৰাজনীতিৰ পৰাও অব্যাহতি গ্ৰহণ কৰিছিল ৷ 2018 চনৰ 16 আগষ্টত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত শেষ নিঃশ্বাস ত্যাগ কৰিছিল জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৷

ভাৰতীয় ৰাজনৈতিত ক্ষেত্ৰখনত তেখেতৰ অৱদানক সুঁৱৰি তেখেতৰ মৃত্যুৰ দিনটোক দেশজুৰি ‘সু-শাসন’ দিৱস হিচাপে পালন কৰা হয় ৷

লগতে পঢ়ক-দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

Last Updated : Aug 16, 2020, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.