ETV Bharat / bharat

হায়দৰাবাদত জব্দ 8 কোটি টকা - ইটিভি ভাৰত

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিতৰণৰ বাবে অনা হৈছিল বৃহৎ ধনখিনি ৷

হায়দৰাবাদত জব্দ 8 কোটি টকা
author img

By

Published : Apr 9, 2019, 12:42 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হায়দৰাবাদত জব্দ 8 কোটি টকা ৷ হয়দৰাবাদৰ পৰা আৰক্ষীয়ে সোমবাৰে জব্দ কৰে এই বৃহৎ পৰিমাণৰ ধনখিনি ৷ আগন্তুক 11 এপ্ৰিলত ৰাজ্যখনত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভোটৰ ক্ৰয়-বিক্ৰয়ৰ বাবে অনা হৈছিল বৃহৎ ধনখিনি ৷

তেলেংগানাৰ সৰ্ববৃহৎ জেৰা হিচাপে পৰিচিত হোৱা এই জেৰা চলোৱা হৈছিল হায়দৰাবাদৰ নাৰায়নগুণ্ডা অঞ্চলত ৷ বিশেষ সূত্ৰযোগে আৰক্ষীয়ে গোপন ধনৰ সম্ভেদ লাভ কৰাৰ পাচতেই এখন চাৰিচকীয়া বাহনৰ পৰা উদ্ধাৰ হয় 2 কোটি টকা ৷ বাহনখনত ধনৰ সৈতে ধৰা পৰা লোকদুজনক সোধ-পোছ কৰাৰ অন্ততেই এটা বেংকৰ সমীপৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় 5 কোটিকৈ ধন ৷ এই ধনৰ লগতে আৰক্ষীৰ হাতত আটক হয় পাঁচজনকৈ লোক ৷ উল্লেখ্য যে বিগত তিনিদিনত হায়দৰাবাদ চহৰৰ পৰা মুঠ 13 কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ সমগ্ৰ ৰাজ্যখনতে বৰ্তমানলৈ উদ্ধাৰ হোৱা ধনৰ পৰিমাণ 26.73 কোটি বুলি জানিবলৈ দিয়ে হায়দৰাবাদ আৰক্ষী আয়ুক্ত অঞ্জনী কুমাৰে ৷ উদ্ধাৰ হোৱা ধনৰ পৰিমাণ ৰাজ্যখনৰ ইতিহাসত বৰ্তমানলৈ সৰ্বাধিক বুলিও সদৰী কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ৷ তেলেংগানাৰ 17 খন লোকসভা আসনত আগন্তুক 11 এপ্ৰিলত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন ৷

 বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰকাশৰ পাচতেই ধুবুৰীত আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া 

ধুবুৰী, 8 এপ্ৰিল :  বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা বিষয় উল্লেখ হোৱাৰ পাচতেই সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । অসমৰ ৰাইজৰ আৱেগ অনুভূতিক গছকি, 855 গৰাকী শ্বহীদক অসন্মান কৰি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়়কখনৰ পক্ষত থিয় দিয়া কাৰ্যক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য  ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷  

.য়...........................
SLUG- A_DHB_801_803_08APRIL_CONG_REACTION_ON_CAB_VIS+BYTE_SHAHANUR

     oc/vo:- বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। নাগৰিকত্ব সংশোধনী বিধেয়কখনক সন্নিৱিষ্ট কৰাক লৈ ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে, কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। "অসমৰ ৰাইজৰ আৱেগ অনুভূতিক গছকি, ৮৫৫ গৰাকী শ্বহীদক অসন্মান কৰি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়়কখনৰ পক্ষত থিয় দিয়া কাৰ্যক অসমৰ ৰাইজে, অসমীয়া ৰাইজে ভাল প্ৰত্যুত্বৰ দিব৷" বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰত পুনৰ চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কখন অনাৰ  বিষয়টো লৈ এইদৰেই ধুবুৰী লোকসভা আসনখনৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ বিৰোধিতা কৰিলেও অগপই পুনৰ উভতি গৈ বিধেয়কখনৰ সপক্ষত থকা বুলি নিজৰ নিৰ্বাচনী ইস্তেহাৰত প্ৰকাশ কৰা স্বত্বেও বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ বিষয়টোৱে  দলটোৰ স্বাৰ্থপৰতা ৰাইজে বুজি পাইছে বুলিও মন্তৱ্য কৰা পোৱা যায় বেপাৰীয়ে৷ লগতে কংগ্ৰেছৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম আৰু যুৱ কংগ্ৰেচীয়ে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বিপৰীতে তীব্ৰ সালোচনা কৰিলে বিজেপিক।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.