ETV Bharat / bharat

কেৰালাত পিতৃতুল্য ব্যক্তিৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী

পিতৃতুল্য ব্যক্তিৰ কামনাৰ বলি এগৰাকী ১২ বছৰীয়া কিশোৰী । কেৰালাৰ কন্নুৰ জিলাৰ নাদুবিলত সংঘটিত হয় জঘন্য ঘটনাটো । যোৱা ১৯ নৱেম্বৰত সংঘটিত হৈছিল এই জঘন্য ঘটনা । ইতিমধ্যে ধৰ্ষণকাৰী আকাট্টু জচক গ্ৰেপ্তাৰ কৰিছে কেৰালা আৰক্ষীয়ে ।

author img

By

Published : Dec 27, 2020, 7:04 PM IST

কেৰালাত পিতৃতুল্য ব্যক্তিৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী
কেৰালাত পিতৃতুল্য ব্যক্তিৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ: দেশৰ ইমূৰৰ পৰা সিমূৰলৈ সংঘটিত এটাৰ পাচত আনটো ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনাই নাৰী জাতিক কৰি তুলিছে শংকিত । চৰকাৰে ধৰ্ষণ প্ৰতিৰোধৰ বাবে যিমানেই কঠোৰ আইন বলৱৎ নকৰক কিয়, কোনোপধ্যেই হ্ৰাস পোৱা নাই ধৰ্ষণৰ দৰে অপৰাধজনিত ঘটনা । কেৰালাৰ কন্নুৰ জিলাৰ নাদুবিলত সংঘটিত হৈছে আন এক জঘন্য ঘটনা । এগৰাকী পিতৃতুল্য ব্যক্তিৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া এগৰাকী কিশোৰী ।

ঘটনা অনুসৰি কন্নুৰ জিলাৰ নাদুবিল নিবাসী আকাট্টু জচ নামৰ ৬১ বছৰীয়া লোকজনে কুডিয়ানমালাৰ মানসিক বিকাৰগ্ৰস্ত ১২ বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰে । কিশোৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি জচে এই নিৰ্লজ কাণ্ড সংঘটিত কৰে । ধৰ্ষণকাৰী জচ ইমানতেই ক্ষান্ত নাথাকি কিশোৰী গৰাকীৰ ওপৰত নিৰ্যাতনো চলায় । যোৱা ১৯ নৱেম্বৰত সংঘটিত হৈছিল এই জঘন্য ঘটনাটো ।

ঘটনাটো সংঘটিত হোৱাৰ পাচত ভুক্তভোগী কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকক সমগ্ৰ বিষয়টো অৱগত কৰাত পৰিয়ালৰ লোকে যোৱা ১৯ নৱেম্বৰত কন্নুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । কিন্তু এমাহ পৰ্যন্ত স্থানীয় আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত পৰৱৰ্তী সময়ত তালিপাৰম্বাৰৰ উপ-আৰক্ষী অধীক্ষকক ঘটনাটোৰ বিষয়ে অৱগত কৰে । তাৰ পাচতেই দেওবাৰে ধৰ্ষণকাৰী আকাট্টু জচক গ্ৰেপ্তাৰ কৰে কেৰালা আৰক্ষীয়ে ।

লগতে পঢ়ক: COVID-19 : ২৪ ঘন্টাৰ ভিতৰত ভাৰতত নতুনকৈ ১৮,৭৩২ জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.