ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালৈ দেশবাসীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া - 9 মিনিটৰ বাবে চাকি জ্বলাবলৈ দেশবাসীক আহ্বান

প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তাই লাভ কৰিলে দেশবাসীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ বহুয়ে সমৰ্থন জনোৱাৰ পৰিৱৰ্তে বহুয়ে আগবঢ়ালে সমালোচনা ৷

দেশবাসীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া
প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালৈ দেশবাসীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া
author img

By

Published : Apr 4, 2020, 12:33 AM IST

নেশ্যনেল ডেস্ক, 3 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে দেশবাসীক বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ঘৰত মাটিৰ চাকি, মমবাতি আৰু মোবাইল ফোনৰ টৰ্চ জ্বলাবলৈ আহ্বান জনোৱাৰ পাচতে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ৷ উল্লেখ্য যে, 5 এপ্ৰিলৰ দিনা নিশা 9 বজাত 9 মিনিটৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ আহ্বান জনাই দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ তেওঁৰ এই আহ্বানৰ পাচতে দেশৰ বিভিন্ন অঞ্চলৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্নজনে ৷ কিছুসংখ্যকে এই আহ্বানক সমৰ্থন জনোৱাৰ বিপৰীতে কিছুয়ে সমালোচনা কৰে, আনহাতে, কিছুমান ইয়াৰ দ্বাৰা সকলোকে হাঁহিৰ খোৰাক যোগোৱাও পৰিলক্ষিত হয় ৷

দেওবাৰে 9 বজাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনোৱা মোডীৰ বাৰ্তাটো প্ৰচাৰ হোৱাৰ লগে লগে টুইটাৰৰ লগতে বিভিন্ন মাধ্যমেৰে নাগৰিকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ "9 baje 9 minute" হেছটেগেৰে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে খুহুতীয়া পোষ্ট কৰা আৰম্ভ কৰে ৷

11 মিনিটৰ ভিডিঅটোত মোডীয়ে সকলোকে সামাজিক দূৰত্বৰ লক্ষ্মণ ৰেখা মানি চলিবলৈ কোৱাৰ লগতে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনায় ৷

এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে এই পদক্ষেপক সমৰ্থন জনাই কয়, "5 এপ্ৰিলত 9 বজাত 9 মিনিটৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি চাকি, মমবাতি আৰু মোবাইলৰ টৰ্চ জ্বলাওঁক ৷"

অভিনেতা অনুপম খেৰে এই সম্পৰ্কত কয় যে, এয়া প্ৰতীকীমূলক ভংগীমা ৷ ইয়াৰ বহুকেইটা অৰ্থ থাকিব পাৰে ৷ দেশবাসীক একত্ৰিত কৰা অথবা এই সংকটৰ সময়ত সকলোৰে বাবে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবৰ বাবে কষ্ট কৰি অহা লোকক ধন্যবাদ জনোৱা ৷

ইয়াৰোপৰি, টুইটাৰৰ জৰিয়তে এটা ভিডিঅ' প্ৰকাশ কৰি মোডীক সমালোচনা কৰা সকলকো গৰিহণা জনায় অভিনেতা গৰাকীয়ে ৷

প্ৰাক্তন মিছ ৱৰ্ল্ড মানুসী চিল্লাৰেও প্ৰধানমন্ত্ৰী গৰাকীৰ এই পদক্ষেপক সমৰ্থন জনাই কয় যে, এয়া একত্ৰিত হোৱাৰ সময় ৷

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙেও সমৰ্থন জনাই টুইটাৰৰ জৰিয়তে কয়, "আমাৰ নেতা নৰেন্দ্ৰ মোডীক লৈ আমি গৰ্বিত ৷ সকলো ঘৰতে থাকক আৰু সুৰক্ষিত থাকক ৷ সকলোৱে 5 এপ্ৰিলত 9 বজাত 9 মিনিটৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীৰ এই আহ্বান মানি লওঁক ৷"

ভাৰতৰ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে কয় যে, এই পদক্ষেপৰ জৰিয়তে সকলোৱে কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে শক্তি যুগুতাওঁক ৷

কিন্তু, বহু লোকে এই আহ্বানক লৈ অসন্তুষ্ট হোৱা পৰিলক্ষিত হল ৷ ইতিহাসবিদ চন্দ্ৰ গুহই টুইটাৰৰ জৰিয়তে কয় যে, 21 শতিকাৰ ভাৰতবৰ্ষত এই দুখদায়ক সময়ত ভেকোঁভাওনা আৰম্ভ কৰিছে ৷

আন এজনে কয়, "থাল আৰু টৰ্চলাইট ৷ মোডীৰ শব্দ আৰু পোহৰৰ উৎসৱলৈ সকলোকে আদৰণি জনালো ৷"

ইয়াৰোপৰি, বহুলোকে খুহুতীয়া পোষ্টেৰে মোডীৰ এই পদক্ষেপক লৈ গৰিহণা দিয়া দেখা গ'ল ৷

উল্লেখ্য যে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন জনাই কয় যে, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ঘৰত মাটিৰ চাকি, মমবাতি আৰু মোবাইল ফোনৰ টৰ্চ জ্বলোৱাৰ ফলত কোভিড-19 ৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হৈ যুঁজ দিয়া বুলি চিহ্নিত হ'ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.