ETV Bharat / bharat

উত্তৰাখণ্ডৰ মহিলালৈ প্ৰধানমন্ত্ৰী মোডীৰ কৃতজ্ঞতামূলক পত্ৰ - 'আইপান' শিল্পৰ ৰাখী প্ৰেৰণ কৰিছিল দীপা মেহতাই

প্ৰধানমন্ত্ৰী মোডীলৈ ৰাখী প্ৰেৰণ কৰি পত্ৰ লাভ কৰিলে উত্তৰাখণ্ডৰ মহিলাই ৷ মহিলাগৰাকী হৈছে উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰৰ দীপা মেহতা ৷

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰৰ দীপা মেহতা
উত্তৰাখণ্ডৰ মহিলালৈ প্ৰধানমন্ত্ৰী মোডীৰ কৃতজ্ঞতামূলক পত্ৰ
author img

By

Published : Sep 12, 2020, 7:08 AM IST

নেশ্যনেল ডেস্ক, 12 ছেপ্তেম্বৰ : উত্তৰাখণ্ডৰ এগৰাকী মহিলালৈ কৃতজ্ঞতামূলক পত্ৰ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৰাখী বন্ধনত প্ৰধানমন্ত্ৰী মোডীলৈ বিশেষ ৰাখী প্ৰেৰণ কৰি পত্ৰ লাভ কৰিলে মহিলাগৰাকীয়ে ৷

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰৰ দীপা মেহতা
উত্তৰাখণ্ডৰ মহিলালৈ প্ৰধানমন্ত্ৰী মোডীৰ কৃতজ্ঞতামূলক পত্ৰ

'আইপান' শিল্পৰ ৰাখী প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰিছিল ৰুদ্ৰপুৰৰ দীপা মেহতা নামৰ মহিলাগৰাকীয়ে ৷ স্পীডপোষ্টৰ জৰিয়তে 18 জুলাইত মোডীৰ লগতে মুখ্য়মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটলৈ ৰাখী প্ৰেৰণ কৰিছিল মেহতাই ৷

ইয়াৰ পাচতে প্ৰধানমন্ত্ৰী মোডীয়ে কৃতজ্ঞতামূলক পত্ৰ প্ৰেৰণ কৰে মহিলাগৰাকীলৈ ৷ এই পত্ৰ লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰা মেহতাই চ'ছিয়েল মিডিয়াৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰে ৷

পত্ৰখনত প্ৰধানমন্ত্ৰী মোডীয়ে লিখে যে, এজনে আনজনৰ শুশ্ৰুষা কৰাই হৈছে আমাৰ দেশৰ সংস্কৃতিৰ বৈচিত্ৰতা ৷ তেওঁ লগতে কয় যে, ক'ভিড-19 মহামাৰীয়ে আমাক সহানুভূতিশীল হ'বলৈ শিক্ষা দিলে ৷ ইয়াৰোপৰি মোডীয়ে দীপা মেহতাৰ দীৰ্ঘায়ু আৰু উজ্বল ভৱিষ্যত কামনা কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.