ETV Bharat / bharat

ওপজা দিনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ - ওপজা দিন

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আজি ৭৫সংখ্যক ওপজা দিন। জন্মদিনৰ শুভক্ষণত ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে। ১৯৪৫ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ কানপুৰৰ পাৰাওঁখ গাঁৱত ৰাষ্ট্ৰপতিগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল।

আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ৭৫সংখ্যক ওপজা দিন

author img

By

Published : Oct 1, 2020, 11:16 AM IST

নেশ্যনেল ডেস্ক,১ অক্টোবৰ: আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওপজা দিন। ৰাষ্ট্ৰপতিগৰাকীৰ ৭৫সংখ্যক জন্ম দিনত শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰামনাথ কোবিন্দ দেশৰ বাবে মূল্যৱান সম্পদ স্বৰূপ বুলি কৈ নীতিগত দিশত থকা তেওঁৰ জ্ঞান তথা দক্ষতাৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১৯৪৫ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ কানপুৰৰ পাৰাওঁখ গাঁৱত ৰাষ্ট্ৰপতিগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল। উল্লেখ্য যে, ২০১৭ চনৰ ২৫ জুলাইত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে ৰামনাথ কোবিন্দে শপতগ্ৰহণ কৰে।

  • Birthday wishes to Rashtrapati Ji. His rich insights and wise understanding of policy matters are great assets for our nation. He is extremely compassionate towards serving the vulnerable. I pray for his good health and long life. @rashtrapatibhvn

    — Narendra Modi (@narendramodi) October 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • I convey my heartiest greetings to the Hon'ble President of India, Shri Ram Nath Kovind ji on his birthday today. He is known for his simplicity, warmth, vision, exemplary leadership and concern for the poor.

    May he be blessed with good health and a long life.@rashtrapatibhvn

    — Vice President of India (@VPSecretariat) October 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আজি ওপজা দিনৰ শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ৰাষ্ট্ৰপতিগৰাকীয়ে আৰ্তজনৰ সেৱাৰ বাবে সদায় প্ৰস্তুত থাকে আৰু তেওঁ বৰ দয়ালু। লগতে ৰামনাথ কোবিন্দৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনায়। উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও ওপজা দিনত ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনায়। টুইটযোগে জনোৱা শুভেচ্ছা বাৰ্তাত তেওঁ ৰামনাথ কোবিন্দৰ কৰ্তব্যপৰায়ণতা আৰু দৰিদ্ৰ লোকৰ প্ৰতি থকা সংবেদনশীলতাৰ শলাগ লয়। আনহাতে, উপ-ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ তৰফৰ পৰাও ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক শুভকামনা জনায়।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.