ETV Bharat / bharat

ৰিক্সা চালকৰ বিবাহ নিমন্ত্ৰণ পত্ৰৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Feb 12, 2020, 7:18 AM IST

Updated : Feb 12, 2020, 7:25 AM IST

মঙল প্ৰসাদ কেৱট হৈছে পেচাত এজন ৰিক্সাচালক ৷ শেহতীয়াকৈ তেওঁ ব্যস্ত নিজৰ কন্যা বিবাহৰ আয়োজনত ৷ কিন্তু বৰ্তমান তেওঁ বহু সংবাদ মাধ্যমৰ সংবাদ শীৰ্ষ ৷ কিন্তু কিয় !

ৰিক্সা চালকৰ বিবাহ নিমন্ত্ৰণ পত্ৰৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ
ৰিক্সা চালকৰ বিবাহ নিমন্ত্ৰণ পত্ৰৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

উত্তৰ প্ৰদেশ, 12 ফেব্ৰুৱাৰীঃ উত্তৰ প্ৰদেশৰ বাৰানসীত ৰিক্সা চলায় জীৱন-নিৰ্বাহ কৰি আহিছে মঙল প্ৰসাদ কেৱট নামৰ এজন লোকে ৷ বৰ্তমান তেওঁ এতিয়া ব্যস্ত জীয়ৰীৰ বিবাহৰ আয়োজনত ৷ কিন্তু শেহতীয়াকৈ ৰিক্সাচালকগৰাকীৰ এক কৰ্মই সংবাদ শীৰ্ষ দখল কৰিবলৈ সক্ষম হৈছে ৷ দৰাচলতে 12 ফেব্ৰুৱাৰীত বাৰানসীত বিবাহ সম্পন্ন হ’ব তেওঁৰ কন্যা সাক্ষীৰ ৷ সেই উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বিবাহ স্থলীলৈ মাতি পঠিয়াই প্ৰেৰণ কৰিছিল এক নিমন্ত্ৰণী পত্ৰ ৷ এই নিমন্ত্ৰণী পত্ৰ লাভ কৰাৰ পাচত দেশৰ দায়িত্ব ভাৰৰ গ্ৰহণৰ ব্যস্ত সময়ৰ মাজতো সময় উলিয়াই নৰেন্দ্ৰ মোডীয়ে মঙলৰ বিবাহ নিমন্ত্ৰণ পত্ৰৰ চিটি যোগে উত্তৰ দিয়ে ৷ হিন্দী আৰু ইংৰাজী ভাষাত উত্তৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে চিটিখনত উল্লেখ কৰে..

মহাশয়, মঙল প্ৰসাদ কেৱট

এক নতুন যাত্ৰাৰ শুভাৰম্ভণিৰ বাবে নৱ-বিবাহিতগৰাকীক শুভকামনা ৷ এই শুভক্ষণত মই তেওঁলোকৰ সুখ, একত্ৰিত জীৱন আৰু বন্ধত্বৰ কামনা কৰিছো ৷ সময় অতিবাহিত হোৱাৰ লগে-লগে তেওঁলোকৰ সমন্ধ অধিক সুদৃঢ় আৰু সুন্দৰ মিলাপ্ৰীতি জীৱনৰ কামনা কৰিছো ৷ এই কেইটা শব্দৰে মই তেওঁলোকৰ সুখময় আৰু সুন্দৰ জীৱনৰ কামনা কৰিছো ৷

শুভকামনা, আপোনাৰ নৰেন্দ্ৰ মোডী

মঙল প্ৰসাদ কেৱট আৰু মোডীৰ এইয়া প্ৰথম কথোপকথন নহয় ৷ ইয়াৰ পূৰ্বেও নৰেন্দ্ৰ মোডীয়ে 2019 চনৰ 6 জুলাইত কেন্দ্ৰীয় স্বচ্ছ ভাৰত মিচনৰ অৱদানৰ বাবে সন্মানিত কৰিছিল কেৱটক ৷ উল্লেখ্য যে, প্ৰত্যেক দিনাই কাম কৰিবলৈ যোৱাৰ পূৰ্বে মঙল কেৱটে চহৰখনৰ পুৰণি ৰাজঘাট অঞ্চললৈ গৈ চাফ-চফাই কৰ্মত নিজকে নিয়োজিত কৰে ৷

Last Updated : Feb 12, 2020, 7:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.