ETV Bharat / bharat

মোদীয়ে জিন্নাৰ আদৰ্শত ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে : তৰুণ গগৈ - নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত তৰুণ গগৈৰ সংবাদমেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিন্নাৰ আদৰ্শ গ্ৰহণ কৰিছে । জিন্নাৰ আদৰ্শৰে মোদীয়ে ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে । সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তীব্ৰ সমালোচনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ।

PM Modi imitating the dividing ideology of Jinnah: Tarun Gogoi
মোদীয়ে জিন্নাৰ আদৰ্শত ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে : তৰুণ গগৈ
author img

By

Published : Dec 18, 2019, 1:55 AM IST

গুৱাহাটী,17 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে এতিয়া উত্তাল প্ৰতিবাদ । প্ৰতিটো দল-সংগঠনৰ লগতে ৰাজ্যৰ ছাত্ৰ সমাজ আৰু ৰাজনৈতিক দলে বিৰোধিতা কৰিছে এই বিতৰ্কিত আইনখনৰ । মংগলবাৰে সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে । সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইনখন ১০০০% শুদ্ধ বুলি কৰা মন্তব্যক সমালোচনা কৰি গগৈয়ে কয় যিখন আইনৰ বিৰোধিতা সমগ্ৰ দেশে কৰিছে সেইখন আইন ১০০০% শুদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে কেনেকৈ ভাবিলে বুলি প্ৰশ্ন কৰে । উত্তৰ পূবৰ ৰাইজে এই আইনখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিন্নাৰ আৰ্দশ গ্ৰহণ কৰি ভাৰতবর্ষক কেৱল হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে । জিন্নাই যিদৰে ইছলামিক ৰাষ্ট্ৰ হিচাপে পাকিস্তান গঢ়িলে মোদীয়েও একে পথ অনুসৰণ কৰিছে । মোদী মহাত্মা গান্ধী, নেহৰু, আম্বেদকাৰৰ আদৰ্শ এৰি জিন্নাৰ আদৰ্শ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । গগৈয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডনত অসমীয়া ৰাইজে কা'ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক পাকিস্তানী বুলি কৰা মন্তব্যক সমালোচনা কৰি কয় অসমীয়া ৰাইজক পাকিস্তানী বুলি ক'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস ক'ত পালে? মোদীয়ে অসমীয়া ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগে বুলিও দাবী জনায় তৰুণ গগৈয়ে ।

মোদীয়ে জিন্নাৰ আদৰ্শত ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে : তৰুণ গগৈ

গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন বিভাজন কৰাৰ চেষ্টা চলাইছে । গণতান্ত্ৰিক আন্দোলন হিংসাত্মক ৰূপত পৰিণত কৰাৰ আঁৰত চৰকাৰী পক্ষ জড়িত থকাৰো অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আৰু পঢ়কৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ

Intro:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিন্নাৰ আদৰ্শ গ্ৰহণ কৰিছে। জিন্নাৰ আদৰ্শৰে মোদীয়ে ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে। সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তীব্ৰ সমালোচনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

Body:সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সমগ্ৰ দেশতে এতিয়া উত্তাল প্ৰতিবাদ। প্ৰতিটো দল-সংগঠনৰ লগতে ৰাজ্যৰ ছাত্ৰ সমাজ আৰু ৰাজনৈতিক দলে বিৰোধিতা কৰিছে এই বিতৰ্কিত আইনখনৰ। মাংলবাৰে সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে। সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইনখন ১০০০% শুদ্ধ বুলি কৰা মন্তব্যক সমালোচনা কৰি গগৈয়ে কয় যিখন আইনৰ বিৰোধিতা সমগ্ৰ দেশে কৰিছে সেইখন আইন ১০০০% শুদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে কেনেকৈ ভাবিলে বুলি প্ৰশ্ন কৰে। উত্তৰ পূৱৰ ৰাইজে এই আইনখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিন্নাৰ আৰ্দশ গ্ৰহণ কৰি ভাৰতবর্ষক কেৱল হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে। জিন্নাই যিদৰে ইছলামিক ৰাষ্ট্ৰ হিচাপে পাকিস্তান গঢ়িলে মোদিও একে পথ অনুসৰণ কৰিছে। মোদী মহাত্মা গান্ধী, নেহৰু, আম্বেদকাৰৰ আদৰ্শ এৰি জিন্নাৰ আদৰ্শ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। গগৈয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডনত অসমীয়া ৰাইজে কা'ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক পাকিস্তানী বুলি কৰা মন্তব্যক সমালোচনা কৰি কয় অসমীয়া ৰাইজক পাকিস্তানী বুলি ক'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস ক'ত পালে ? মোদীয়ে অসমীয়া ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগে বুলিও দাবী জনায় তৰুণ গগৈয়ে।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:গগৈয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি কয় সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন বিভাজন কৰাৰ চেষ্টা চলাইছে। গণতান্ত্ৰিক আন্দোলন হিংসাত্মক ৰূপত পৰিণত কৰাৰ আৰত চৰকাৰী পক্ষ জড়িত থকাৰো অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.