নেশ্বনেল ডেস্ক, 26 নৱেম্বৰঃ অমিত শ্বাহ আৰু জেপি নড্ডাৰ সৈতে জৰুৰীকালীন সভাত মিলিত নৰেন্দ্ৰ মোডী ৷ মঙলবাৰে সংসদ ভৱনস্থিত প্ৰধানমন্ত্ৰী সভাকক্ষত দেশৰ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ কাৰ্যকৰী সভাপতিৰ সৈতে এইদৰে জৰুৰীকালীনভাৱে সভাত মিলিত হয় ৷
লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিজৰ পদত্যাগ
সদনৰ যুটীয়া অধিৱেশনত সংবিধান দিৱস উদযাপন কৰাৰ পিচতেই এইদৰে সভাত মিলিত হয় তিনিওগৰাকী শীৰ্ষ নেতা ৷ প্ৰায় 25 মিনিট সময়ধৰি তিনিওগৰাকী নেতাই আলোচনাত মিলিত হয় ৷
লগতে পঢ়কঃ 26/11 আক্ৰমণ: ভাৰতীয় ইতিহাসত এক ক’লা আধ্যায়
শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ ৰাজনীতি চৰ্চাত থকাৰ সময়তে তিনিওগৰাকী নেতাৰ আলোচনাই বিশেষ তাৎপৰ্য লাভ কৰিছে ৷ এদিন পূৰ্বেই কংগ্ৰেছ-এনচিপি-শিৱসেনাই উমৈহতীয়াভাৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত বুধবাৰে মহাৰাষ্ট্ৰত আস্থা ভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে ৷ তিনিদিন পূৰ্বে গঠন হোৱা চৰকাৰখনৰ পৰা মঙলবাৰে পদত্যাগ কৰে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ ৷ এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ কাৰ্যকৰী সভাপতিৰ মাজত অনুষ্ঠিত আলোচনাই সম্ভাব্য হৰ্চ-ট্ৰেডিঙৰে উমান প্ৰদান কৰিছে ৷
লগতে পঢ়কঃ জনতা ভৱনৰ চৌহদত উদযাপন সংবিধান দিৱস
আনহাতে মঙলবাৰে নিশাৰ ভাগলৈ মুম্বাইৰ গাড়ৱাৰে ক্লাৱত মিলিত হ'ব মহাৰাষ্ট্ৰৰ বিজেপি বিধায়কসকল ৷ মঙলবাৰে নিশা প্ৰায় 9 বজাত বিজেপি বিধায়কসকল এইদৰ আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে বিজেপি নেতা ৰাওচাহেব ডানভে ৷